বান আৰু গৰাখহনীয়াত আক্ৰান্তক যথাযোগ্য পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰক : কা বিৰোধী সমন্বয় সমিতি*




ষ্টাফৰিপৰ্টাৰ, ২৬ আগষ্ট :  
ৰাজ্য চৰকাৰে এই বছৰৰ কালান্তক আৰু আন্তৰ্জাতিক প্ৰচাৰ হোৱা অসমৰ বান-খহনীয়াত আক্ৰান্ত ৰাইজৰ সংস্থান আৰু জীৱন-নিৰ্বাহৰ প্ৰতি মনকাণ নিদি কেৱল নিৰ্বাচন কেন্দ্ৰিক কাৰ্যকলাপত মগ্ন হৈছে-এই অভিযোগ কা-বিৰোধী সমন্বয় সমিতিৰ। সমিতিৰ
সভাপতি ডঃ হীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক দেবেন তামূলীয়ে সংবাদ মাধ্যমক কয় ' চৰকাৰৰ এই কাৰ্যকলাপৰ ফলত  সেই সকল ৰাইজ চৰম দুৰ্দশাত পতিত হৈ নিজে ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ ইয়াৰ ফলত চিমেন চাপৰিত এনে ৰাইজৰ লগত আৰক্ষীৰ সংঘৰ্ষ হৈছে। আমি চৰকাৰৰ এই ঔদাসিন্যক ধিক্কাৰ দিওঁ আৰু দাবী কৰোঁ যাতে অবিলম্বে সংশ্লিষ্ট অঞ্চল বোৰৰ ৰাজহ বিষয়া আৰু গাওঁবুঢ়া সকলৰ দ্বাৰা দুৰ্গত ৰাইজৰ সঠিক নাম আৰু পৰিচয় সহ তালিকা প্ৰস্তুত কৰে আৰু যথাযোগ্য পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰে। উচ্ছেদত অত্যুৎসাহী চৰকাৰ দুৰ্গত ৰাইজৰ পুনৰ্সংস্থাপনত কিয় তৎপৰ নহয় সেইটো এক কলংকিত ৰহস্য হৈ পৰিছে।'

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা