টাটা মটৰ্ছে মুকলি কৰিলে ভাৰতৰ সৰ্ববৃহৎ টিপাৰ ট্ৰাক ছিগনা ৪৮২৫ টি কে




ষ্টাফৰিপ'ৰ্টাৰ,,,,২৬ আগষ্ট।
টাটা মটৰ্ছে বুধবাৰে ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম ৪৭.৫ টন ওজনৰ মাল্টি এক্সেল টিপাৰ ট্ৰাক ছিগনা ৪৮২৫.টি কে' ৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। মূলত কয়লা আৰু অন্যান্য নিৰ্মাণ খণ্ডৰ সামগ্রী পৰিবহনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি নিৰ্মাণ কৰা ছিগনা ৪৮২৫ টি কে'ৰ ২৯ কিউবিক মিটাৰ বক্সে অন্যান্য বাহনৰ তুলনাত অধিক ওজন কঢ়িয়াবলৈ সক্ষম হ'ব। বাহনখনৰ নিৰ্মাণৰ ক্ষেত্রত টাটা মটৰ্ছে পাৱাৰৰ ৬টা ফিলশ্বপীৰ লগতে উচ্চ আয়, স্বত্বাধিকাৰীৰ নিম্ন ব্যয়, উন্নত প্ৰদৰ্শন,চালকৰ সুবিধা সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই সন্দৰ্ভত টাটা মটৰ প্ৰডাক্ট  লাইন এমএছএইচচিভি'ৰ উপ- সভাপতি আৰ টি ৱাছানে কয়"-ছিগনা ৪৮২৫ মুকলি কৰিবলৈ পাই আমি অতি আনন্দিত অনুভৱ কৰিছোঁ। কয়লা আৰু নিৰ্মাণ খণ্ডৰ গ্ৰাহকৰ বাবে বিশেষকৈ যিসকল গ্ৰাহকে সময়তকৈ পূৰ্বে বহু পৰিকল্পনা কৰিবলৈ ইচ্ছা কৰে সেইসকলৰ বাবে আমি ভৰৰত সৰ্ববৃহৎ ৪৭.৭ টনৰ ওজনৰ বাহনখন মুকলি কৰিছোঁ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা