ৰঙিয়াত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ব্যপক বৃক্ষৰোপন কাৰ্যসূচী

প্ৰতিবেদক, ৰঙিয়া ,১৪ আগষ্টঃ কাইলৈ দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত কাইলৈ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত সীমিত সংখ্যক অনুষ্ঠানেৰে এই দিৱসটো পালনৰ সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে। এই বেলি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া  পৌৰসভা আৰু ৰঙিয়াৰ স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰভাতী কিৰণৰ সহযোগত ৰঙিয়া মহকুমাত তিনিদিনীয়া কৈ ব্যপক বৃক্ষৰোপন কাৰ্যসূচী হাতত লোৱা হৈছে। ৰঙিয়া পৌৰ সভাৰ কাৰ্যবাহী বিষয়া তথা  মহকুমাৰ সহকাৰী আয়ুক্ত চম্পক ডেকাই উদ্বোধন কৰা এই কার্যসূচীৰ অংশ হিচাবে ৰঙিয়া চহৰ অঞ্চলৰ বিভিন্ন ঠাইত  ৰঙিয়া পৌৰসভা আৰু প্ৰভাতী কিৰণৰ সদস্য সকলৰ উপস্থিতত দুশ জোপা  গছ পুলি ৰোপণৰ কৰা হয়।  কাৰ্যসূচীত প্রভাতী কিৰণৰ সভাপতি মৃদুল শৰ্মা, সম্পাদক ধনমনি দত্তৰ উপৰিও হৃষি লহকৰ, ধ্ৰুৱজ্যোতি শৰ্ম্মা, নিলোৎপল শৰ্মা, নিপন শৰ্মা, পংকজ বড়ো, বিবেকজ্যোতি কলিতা সহ অন্যান্য সদস্য সকল অংশগ্ৰহণ কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা