সামাজিক দূৰত্ব মানি বেবেজীয়াৰ একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় কাৰ্যালয়ত ভাদমহীয়া নাম-কীৰ্তন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬আগষ্টঃ সম্প্ৰতি ৰাজ্যত অব্যাহত থকা কৰ'নাৰ বিভীষিকাই সামাজিক জনজীৱনক বাৰুকৈয়ে প্ৰভাৱিত কৰি তুলিছে । ভয় আৰু শংকাত ৰাজ্য বাসীয়ে দিন অতিবাহিত কৰিব লগা হৈছে। তাৰ মাজতে চলি আছে অসমৰ বৈষ্ণৱ সমাজৰ পবিত্ৰ ভাদ মাহ। বিগত বছৰবোৰৰ দৰে এইবাৰ ৰাইজৰ মাজত ভাদ মাহৰ মাদকতা নাথাকিলেও ৰাজ্যৰ সকলো নামঘৰ, সত্ৰ, কীৰ্তন ঘৰ তথা উপাসনাস্থলী সমূহ কেৱল হৰি নামৰ ধ্বনি আৰু নাম প্ৰসংগৰে মূখৰিত হৈ পৰিছে । অনুৰূপ নগাঁও জিলাৰ বেবেজীয়াস্থ একশৰণ ভাগৱতী সমাজ, অসমৰ মুখ্য কাৰ্যালয়ৰ পালনাম থানতো অনুষ্ঠিত হৈ আছে ভাদমহীয়া নাম-প্ৰসংগ। সমাজৰ নগাঁও জিলা সমিতিৰ ব্যৱস্থাপনাত অনুষ্ঠিত হৈ থকা এই ভাদমহীয়া নাম-কীৰ্তন চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিয়েই সম্পাদন কৰি অহা হৈছে ৷ ইয়াৰ অংশ হিচাপে বুধবাৰে অনুষ্ঠিত হোৱা এই ভাদমহীয়া নাম-প্ৰসংগৰ কাৰ্যসূচীৰ অনুষ্ঠানত  নগাঁও জিলা পৰিষদৰ উপ সভাপতি প্ৰমোদ লস্কৰ, বিশিষ্ট সমাজ কৰ্মী তুলন লস্কৰ, নামাচায্য হীৰেন আতা, জিলা সম্পাদক পুষ্পেন্দ্ৰ বাপ
কাৰ্য্যালয় সম্পাদক মুৰুলী ধৰ বাপৰ লগতে সমাজৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সচিব ডেভিদ দাস আদিৰ লগতে নগাঁও জিলা পৰিষদৰ উপ সভাপতি প্ৰমোদ লস্কৰ উপস্থিত থাকে ৷ লস্কৰে বেবেজীয়াৰ একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় কাৰ্যালয়ত উপস্থিত হৈ পৰম সৌভাগ্য অনুভৱ কৰাৰ কথা দোহাৰি শান্তি আৰু একতাৰ প্ৰতীক স্বৰূপ একশৰণ ভাগৱতী সমাজৰ নাম কীৰ্তন সমাজৰ বাবে আদৰ্শৰ প্ৰতীক বুলি মন্তব্য আগবঢ়ায় ৷ ইফালে, একশৰণ ভাগৱতী সমাজৰ দ্বাৰা ৰূপায়িত হৈ থকা এই ভাদমহীয়া নাম-কীৰ্তনৰ জৰিয়তে মহামাৰী স্বৰূপ কৰ’ণা ৰ পৰা ৰাইজে পৰিত্ৰাণ পাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে ৰাজ্যবাসীক চৰকাৰী সকলো নীতি-নিয়ম পালন কৰিবলৈও একশৰণ ভাগৱতী সমাজৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে ৷ 
=================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা