সাংবাদিক-সংবাদ কৰ্মীক সাহায্য প্ৰদান
ষ্টাফৰিপৰ্টাৰ, ২৫ আগষ্ট : কভিড -১৯ মহামাৰীয়ে জুৰুলা কৰা সংবাদ জগতৰ লগত জড়িত কৰ্মচাৰীসকলৰ বাবে লাওচৰ ৰাজধানী ভিয়েনটাইনত বাস কৰা দুই অসমীয়া ব্যৱসায়ী ভাতৃ হবিব মহম্মদ চৌধুৰী আৰু চাদিক মহম্মদ চৌধুৰী ৰ উদ্যোগত সোমবাৰে প্ৰায় 200 সাংবাদিক আৰু সংবাদ কৰ্মীক সাহায্য প্ৰদান কার্যসূচীৰ আয়োজন কৰা হয়। মহানগৰীৰ চানমাৰী উৰণীয়া সেতুৰ তলত পুৱা ১০ বজাৰ পৰা ৩বজালৈ এই সাহায্য প্ৰদান কৰা হ'য় । জেএফ ফাউণ্ডেশ্যনে ক’ভিড প্ৰট’কল মানি আয়োজন কৰা এই কার্যসূচীয়ে স্বাভাৱিকতে প্ৰশংসা বুটলিছে সংবাদ মাধ্যমৰ পৰা ।
Comments
Post a Comment