নিউ বঙাইগাঁৱত অবৈধ জুৱাৰ ঘাটিত আৰক্ষীৰ অভিযানঃ পাঁচজনক আটক

বঙাইগাঁওঃ ১৯ আগষ্টঃ বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁৱত চলি থকা অবৈধ জুৱাৰ ঘাটিত মঙলবাৰে আৰক্ষীয়ে অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে পাঁচ জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় যদিও আন কেইবাজনো জুৱাৰী পলায়ণ কৰে ৷ উত্থাপিত অভিযোগ মতে যাদৱ উপাধিৰ ব্যক্তি এজনে নিউ বঙাইগাঁও টুনীয়াপাৰ বজাৰৰ ওচৰত থকা দোকানৰ পিচফালৰ এক গোপন স্থানত দীৰ্ঘদিন ধৰি জুৱাৰ বেহা চলাই আহিছিল ৷ প্ৰতিদিনে দিনৰ ২ মান বজাৰ পৰা  নিশালৈকে চলে এই জুৱা খেল ৷ এই জুৱাত ভাগলৈ ইতিমধ্যে সৰ্বস্বান্ত হৈছে বহুজন ৷ অৱশেষত মঙলবাৰে আৰক্ষীয়ে এই অবৈধ জুৱা খেল চলি থকা খবৰ লাভ কৰাৰ পিচতে জুৱাৰ ঘাটিত অভিযান চলায় ৷ বিয়লিৰ ভাগত চলোৱা এই অভিযানত ভালেকেইজন জুৱাৰীৰ লগতে জুৱাৰ গৰাকী আদি পলায়ণ কৰে যদিও পাঁচজন জুৱাৰীক আৰক্ষীয়ে আটক কৰি বঙাইগাঁও থানালৈ আনে ৷ জিলাৰ উপ আৰক্ষী অধীক্ষক অমৃতৰাজ চৌধুৰীৰ নেতৃত্বত বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, টি এছ আই আদিয়ে এই অভিযান চলায় ৷ আৰক্ষীয়ে জুৱাস্থলীৰ পৰা নিউ বঙাইগাঁৱৰ মণিৰ মিঞা(৪৩) , চাহাবুদ্দিন (২২) , প্ৰবীণ চৌধুৰী( ৩৫) ভাওলাগুৰীৰ নুৰ আলম(৩০)ৰ লগতে আন এজন ১৭ বছৰীয়া যুৱকক আটক কৰে ৷ আৰক্ষীয়ে আটকাধীন কেইজনৰ পৰা কিছু ধন ,মোবাইল ,এটিএমকাৰ্ড আদি উদ্ধাৰ কৰে ৷ বৰ্তমান আটাইকেইজনকে আৰক্ষীয়ে বঙাইগাঁও সদৰ থানাত সোধ- পোচ কৰি আছে ৷ উল্লেখ্য যে নিউ বঙাইগাঁওৰ এই অঞ্চলটোত অবৈধ সুৰাৰো বেহা চলি থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা