এদিনতে সৰ্বাধিক সংখ্যক ৰেপিড এন্টিজেন টেষ্ট≈≈নগাঁও জিলাৰ শীৰ্ষত বাৰপূজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ আগষ্টঃ এদিনতে এক লাখ ৪৩ হাজাৰ ১০৯ টা ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে বুধবাৰে অসমত স্বাস্থ্য বিভাগে অভিলেখ সংখ্যক পৰীক্ষণ সম্পন্ন কৰে ৷ য’ত নতুনকৈ ৰাজ্যত ৪৫৯৩ জন লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈছে বুলি ধৰা পৰিছে ৷ ইয়াৰে ভিতৰত আক্ৰান্ত বুলি নতুনকৈ চিনাক্ত হোৱা সকলৰ ভিতৰত ৩৩৬ জন নগাঁও জিলাৰ ৷ জিলা উপায়ুক্ত আৰু জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ তৎপৰতাত বুধবাৰে সম্পন্ন হোৱা এই বিশেষ পৰীক্ষণ অভিযানত জিলাখনৰ ভিতৰত বাৰপূজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই বহু কেইটা পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি ৯৪৫ টা পৰীক্ষণেৰে জিলাখনৰ ভিতৰতে সৰ্বাধিক পৰীক্ষা সম্পন্ন কৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰূপে বিবেচিত হয় ৷ বাৰপূজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এই সাফল্যৰ কাৰণে মহকুমা স্বাস্থ্য বিষয়া ডাঃ লক্ষীধৰ দাসে আশাকৰ্মীৰ পৰা আৰম্ভ কৰি এম পি উব্লিউ, মেলেৰিয়া কৰ্মী, চিকিংসকসকল, বি পি এম, এ বি পি এম আৰু লেবৰেটৰী টেক্‌নিচিয়ানসকলক অভিনন্দন জনাইছে ৷ উল্লেখ, কিছুদিন পূৰ্বে ৰহাৰ জনৈক ব্যক্তিয়ে চক্ৰ বিষয়াৰ মিছা উদ্ধৃতি দি স্বাস্থ্যকৰ্মী সকলক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ কৰা অপচেষ্টাৰ বিপৰীতে সন্মিলিতভাৱে কঠোৰ শ্ৰম কৰি স্বাস্থ্যকৰ্মীসকলে এই কৃৰ্তীত্বৰে তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা