গ্ৰ'ফাৰ্ছে-ঘোষণা কৰিলে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ গেলামাল(গ্ৰ'চাৰী) বিক্ৰীৰ গ্ৰেণ্ড অৰেঞ্জ বেগ ডে'ৰ চতুৰ্থ সংস্কৰণ





 ষ্টাফৰিপ'ৰ্টাৰ,,,,১০ আগষ্ট।।।। অভূতপূৰ্ব সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সমগ্র দেশৰ উপভোক্তা আৰ্থিক সংকটৰ সন্মুখীন হৈ সঞ্চয়ৰ পৰা বঞ্চিত হোৱাৰ প্রতি লক্ষ্য ৰাখি ভাৰতৰ সৰ্ববৃহৎ অনলাইন গ্ৰ'চাৰী (গেলামাল)ৰ খুচুৰা বিক্রেতা প্ৰতিষ্ঠান গ্ৰ'ফাৰ্ছে গ্ৰেণ্ড  অৰেঞ্জ বেগ ডে'( জি অ' বি ডি')ৰ চতুৰ্থ সংস্কৰণৰ দিন ঘোষণা কৰিছে। ৮ আগষ্টৰ পৰা ১৬ আগষ্টলৈ চলিব লগা এই বিক্ৰী ব্যৱস্থাত ৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ পৰা আৰম্ভ কৰি গ্ৰ'ফাৰ্ছৰ  ইন্ হাউচ ব্ৰেণ্ডৰ বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত নিম্নতম মূল্য আৰু আকৰ্ষণীয় সঞ্চয়ৰ সুবিধা প্ৰদান কৰিব। জি অ 'বি ডি ৪.০ ৰ জৰিয়তে গ্ৰ'ফাৰ্ছে গ্ৰাহকৰ বাবে ৫০শতাংশ ৰেহাই, বাই ৱান গেট ৱান ফ্ৰী, ইত্যাদি আকৰ্ষণীয় অফাৰ প্ৰদান কৰিব। এই সন্দৰ্ভত গ্ৰফাৰ্ছৰ প্ৰতিষ্ঠাতা সৌৰভ কুমাৰে কয় "গ্ৰ'ফাৰ্ছে জি অ' বি ডি ৪.০ সংস্কৰণৰ দ্বাৰা নিম্নতম মূল্যৰ জৰিয়তে সৰ্বাধিক সঞ্চয় আৰু আকৰ্ষণীয় ৰেহাইৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ গ্ৰাহকৰ সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে"। আনহাতে, গ্ৰাহক সকলৰ মাজত সুৰক্ষিত ভাৱে সামগ্রী বিতৰণৰ ক্ষেত্ৰত গ্ৰ'ফাৰ্ছে দায়বদ্ধতাৰ পৰিচয় দিছে। ছীল্ড আৰু ছেনিটাইজড বেগৰ জৰিয়তেহে সামগ্রীসমূহ বিতৰণৰ ব্যৱস্থা কৰিছে উক্ত প্ৰতিষ্ঠানটোৱে। তদুপৰি প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ গুদাম গৃহ আৰু বিতৰণৰ লগত জড়িত কৰ্মচাৰীৰ লগতে গ্ৰাহকৰ সুৰক্ষা সুনিশ্চিতকৰণৰ বাবে দৈনিক থাৰ্মেল স্ক্ৰিনিং আৰু আৰোগ্য সেঁতু এপৰ ব্যৱহাৰ বাধ্যতামূলক কৰিছে। উল্লেখযোগ্য যে, গ্ৰ'ফাৰ্ছৰ  গ্ৰেণ্ড অৰেঞ্জ বেগ ডে'ৰ ৪.০ৰ বিক্ৰী দিল্লী, গুড়গাঁও, নইডা,  জয়পুৰ, মুম্বাই, পুনে, কলকাতা, বাংগালুৰু আদিকে ধৰি ২৭ খনতকৈও অধিক চহৰত উপলব্ধ হ'ব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা