নলবাৰীৰ ঘগ্ৰাপাৰত মহাপুৰুষীয়া সমাজৰ কাৰ্যনিৰ্বাহক সভা- কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ

নলবাৰীৰ ঘগ্ৰাপাৰত মহাপুৰুষীয়া সমাজৰ কাৰ্যনিৰ্বাহক সভা- কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৭ আগষ্ট*

নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৰ ঐতিহ্যমণ্ডিত ধৰ্মীয় পীঠস্থান বাৰঘৰীয়া বাৰগোপাল থানত আজি মহাপুৰুষীয়া সমাজৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । মহাপুৰুষীয়া সমাজৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আয়োজন হোৱা সভাখনত সভাপতিত্ব কৰে সম্পাদক প্ৰধান তিলক শইকীয়াই । নলবাৰী, কামৰূপ (গ্ৰাম্য), দৰং, ওদালগুৰি আদি জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনত কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰে । সভাখনত মহাপুৰুষীয়া সমাজৰ উপসভাপতি দণ্ডেশ্বৰ মেধি, ভাৰপ্ৰাপ্ত সভাপতি দানেশ্বৰ ডেকা, যুটীয়া সম্পাদক মিলিক কুমাৰ, কেন্দ্ৰীয় আই-মাতৃ মঞ্চৰ প্ৰাক্তন সম্পাদিকা পখিলা কুমাৰ, প্ৰচাৰ সাংগঠনিক সম্পাদক বৃষ্টি ৰাম ৰাভাকে ধৰি বহুকেইজন কৰ্মকতাই ভাষণ প্ৰদান কৰে । সামাজিক দূৰত্ব বজাই আয়োজন কৰা সভাখনত শতাধিক আই-মাতৃয়ে অংশগ্ৰহণ কৰে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা