ক্ৰীড়া জলপানিৰ বাবে প্ৰ-পত্ৰ বিতৰণ

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৬ আগষ্ট : অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ তৰফৰ পৰা ২০১৯-২০২০ বৰ্ষৰ ক্ৰীড়া জলপানিৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত ব্যক্তিগত আৰু দলগত শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত খেলুৱৈৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে বুলি শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়ে জানিবলৈ দিছে । আবেদনৰ প্ৰ-পত্ৰ সমূহ শিৱসাগৰ জিলাৰ অন্তৰ্গত খেলুৱৈ সকলে শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব । এইক্ষেত্ৰত চৰাইদেউ জিলাৰ খেলুৱৈ সকলে চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সহকাৰী আয়ুক্ত সমূজ্বল বৰাৰ কাৰ্যালয় কক্ষৰ পৰা সংগ্ৰহ কৰিব পাৰিব । এই ক্ৰীড়া জলপানিৰ বাবে ভাৰতীয় অলিম্পিক সন্থাৰ স্বীকৃতি প্ৰাপ্ত খেল যেনে – সাঁতোৰ, আৰ্চাৰী, এথেলেটিকচ, বেডমিন্টন, বাস্কেটবল, বক্সিং, কেনয়িং আৰু কায়েক, চাইক্লিং, ফেনচিং, ফুটবল, জিমনাষ্টিক, হেণ্ডবল, হকী, জুডু, কাবাডী, খো-খো, লন বল, নেটবল, ৰ’য়িং, ৰাগবাই, ছুটিং, স্কুৱাচ. টেবুল টেনিচ, টাইকোৱানডু, টেনিচ, ট্ৰাইথলন, ভলীবল, ভাৰোত্তোলন, মল্লযুঁজ, উচু, ইয়াচতিং আৰু কেৰাটে খেলৰ খেলুৱৈ হ’ব লাগিব ।
     আবেদনকাৰীৰ বয়স ৩১-০৩-২০২০ ত স্কুল পৰ্যায়ৰ খেলুৱৈৰ ১৯ বছৰ আৰু মহাবিদ্যালয় পৰ্যায়ৰ খেলুৱৈৰ ২৫ বছৰৰ তলৰ হ’ব লাগিব আৰু আবেদনকাৰীয়ে ২০১৯-২০ বৰ্ষৰ (০১-০৪-২০১৯ ৰ পৰা ৩১-০৩-২০২০ লৈ) পাৰদৰ্শিতাৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি, শেহতীয়াকৈ তোলা পাচপ’ৰ্ট আকাৰৰ (প্ৰত্যায়িত)ফটো আবেদনৰ লগত গাঁঠি দিব লাগিব । ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়া প্ৰতিযোগিতাত স্থান প্ৰাপ্ত খেলুৱৈয়েও আবেদন কৰিব পাৰিব । এজন খেলুৱৈয়ে ৰাষ্ট্ৰীয় বা ৰাজ্যিক যিকোনো এটাতহে আবেদন কৰিব পাৰিব । আবেদন সমূহ ২৫ ছেপ্তেম্বৰ, ২০২০ তাৰিখৰ ভিতৰত জমা দিব লাগিব । এই সংক্ৰান্তত সবিশেষ তথ্যৰ বাবে শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ মোবাইল নং ৮৬৩৮০-৬৬৭৮৭ আৰু চৰাইদেউ জিলাৰ বাবে ৮৬৩৮৬-৫৭৫০২ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়ে জানিবলৈ দিছে ।
শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা