আৰক্ষীৰ মাজত আয়ুস কাড়া চানগ্লাচ বিতৰণ লায়ন্স উমাংগৰ



ষ্টাফৰিপ'ৰ্টাৰ,,,,মহিলা স্বেচ্ছাসেৱী সংস্থা লায়ন্স ক্লাৱ গুৱাহাটী উমাংগে মঙলবাৰে কোৰোনা বিৰোধী যোদ্ধাৰ মাজত সামগ্রী বিতৰণ কৰে। বিশেষকৈ কোৰোনা বিৰোধী যুঁজত সন্মুখৰ পৰাই নেতৃত্ব প্ৰদান কৰা মহানগৰ যান-বাহন শাখাৰ আৰক্ষী সকলৰ মাজত চানগ্লাচ, আয়ুষ মন্ত্ৰালয়ে অনুমোদন জনোৱা দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ কাৰণে আয়ুষ কাড়া ইমুনিজ প্লাজ বিতৰণ কৰে। লায়ন্স ক্লাৱ গুৱাহাটী উমাংগৰ নেতৃবৰ্গই আজি মহানগৰীৰ যান-বাহন শাখাৰ ডিচিপি মায়ং কুমাৰ ঝা আৰু অতিৰিক্ত ডিচিপি প্ৰঞ্জিত বৰাক সাক্ষাৎ কৰি ৬০০ চানগ্লাচ আৰু দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ৮০০ টা আয়ুষ কাড়া প্ৰদান কৰে। লায়ন পায়েল চাধা আৰু লায়ন ঋতু বংকাৰ নেতৃত্বত এই সামগ্রী সমূহ বিতৰণ কৰা হয়। লায়ন্স উমাগংৰ এই পদক্ষেপক ডিচিপি গৰাকীয়ে শলাগ লায়। জিলা গৱৰ্ণৰ লায়ন ৰাজকুমাৰ ৰিংগোনিয়া, আহ্বায়ক পংকজ পড্ডাৰ উপস্থিতিত এই কাৰ্যসূচী ৰূপায়ন কৰা হয়। আজিৰ অনুষ্ঠানত অধ্যক্ষ চৰিতা গাৰোদিয়া, সম্পাদক শ্বেতা কেজৰিয়াল, ধনভড়ালী কজল থাৰাৰ আদিয়ে অংশগ্ৰহণ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা