লোক সংস্কৃতিৰ গৱেষিকা ফুল কুমাৰী কলিতা আৰু নাই

গুৱাহাটী : বৰপেটা জিলাৰ হাউলীৰ বি এইচ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা লোক সংস্কৃতিৰ গৱেষিকা ফুল কুমাৰী কলিতা আৰু নাই ৷ আজি দুপৰীয়া ১২ মান বজাত ডিগবৈত তেখেতৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৭১ বছৰ ৷

ভৱানীপুৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ নবীন কলিতাৰ পত্নী বৰপেটাৰোডৰ বাসিন্দা ফুলকুমাৰী কলিতাই ৰোগাক্ৰান্ত হোৱাৰ বাবে তেওঁৰ জী- জোৱাইৰ ডিগবৈৰ ঘৰত চিকিৎসাৰ বাবে আছিল ৷ লোক সংস্কৃতিৰ গৱেষিকা, সুবক্তা তথা এগৰাকী শিল্পী হিচাবে সমাজত বিশেষ ভাৱে পৰিচিত কলিতাই কেবাখনো লোক সংস্কৃতিৰ অমূল্য গ্ৰন্থ ৰচনা কৰিছিল ৷ তেখেতৰ কেইখনমান উল্লেখ যোগ্য গ্ৰন্থ হৈছে-- সখী ঐ সখী ( ১৯৯২ ), আয়তীৰ উৰুলি ( ১৯৯২ ) , গুৱাগাছা সত্ৰৰ চমু আভাস ( ১৯৯৯ ) , লােক সংস্কৃতিৰ দাপােণ ( ২০০০ ),  লােক সংস্কৃতিত গালি শপনি ( ২০০৯ ) , লােক সংস্কৃতিৰ সুবাস ( ২০১৩ ) , আমাৰ সত্ৰ আমাৰ ঐতিহ্য ( ২০১৩ ),  সম্পাদিত গ্রন্থ • লােককৃষ্টি আৰু নাৰী ( ১৯৯৩ ) ৷ তদুপৰি তেখেতে ভালেমান আলোচনা, বাতৰি কাকতত বিভিন্ন প্ৰৱন্ধ পাতি লিখি অসমীয়া লোক সংস্কৃতিৰ ভড়াল চহকী কৰি তুলিছে ৷ তেখেতে সাহিত্য- সংস্কৃতি জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই তেখেতক প্ৰতিমা পাণ্ডে বঁটাৰে সন্মানীত কৰিছিল ৷ বৰপেটাৰোড সাহিত্য সভা আৰু বৰপেটাৰোড আছুয়ে জীৱিত অৱস্থাতে যোৱা বৰ্ষত বৰপেটাৰোডত প্ৰতিমূৰ্তি স্থাপন কৰি সন্মান প্ৰদৰ্শন কৰিছিল ৷

এই গৰাকী মহান আত্মাৰ মৃত্যুত সৰভোগ সমষ্টিৰ বিধায়ক ৰনজিৎ কুমাৰ দাস, বৰপেটা জিলা সাহিত্য সভা, বৰপেটাৰোড সাহিত্য সভা , বৰপেটাৰোড আছু, বৰপেটাৰোড শাখা সত্ৰ,
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বৰপেটা জিলা সমিতি, বৰপেটা জিলা বিহু সুৰক্ষা সমিতি, বৰপেটাৰোড প্ৰেছ ক্লাব, ৰংগালয়, বৰপেটাৰোড আঞ্চলিক মহিলা সমিতি, বৃহত্তৰ বৰপেটাৰোড সাংস্কৃতিক আৰু সমাজ কল্যাণ মহিলা সমিতিকে আদি কৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ আনহাতে, তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বৰপেটাৰোড আছু আৰু বৰপেটাৰোড সাহিত্য সভাই তেওঁলোকৰ পতাকা সমূহ সাত দিনৰ বাবে অৰ্ধনমিত কৰিছে ৷

মৃত্যুৰ সময়ত তেখেতে স্বামী নবীন কলিতা, কণ্যা ক্ৰমে ৰীমা কলিতা, মিতালী কলিতা, মনিষা কলিতা আৰু ভাস্বতী কলিতা সহ ভালেমান গুণমুগ্ধক ইহসংসাৰত এৰি থৈ গৈছে ৷
বিঃদ্ৰঃ পৰিয়ালৰ লোকে জনোৱা মতে তেখেতৰ অন্তোষ্টিক্ৰিয়া ডিগবৈতে সম্পন্ন কৰা হব ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা