জুবিন গাৰ্গক আক্ৰমন চলোৱা দোষীক শাস্তিৰ দাবী বিধায়িকা আঙুৰলতা ডেকাৰ

 নিজ হাতীচোঙত তিনিটাকৈ পথৰ মেৰামতিৰ শুভাৰম্ভ≈≈জুবিন গাৰ্গক অাক্ৰমন চলোৱা দোষীক শাস্তিৰ দাবী বিধায়িকা অাঙুৰলতা ডেকাৰ # 

জয়ন্ত মুদৈ, বেবেজীয়া, ১৩ আগষ্টঃ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক ধিক্কাৰ দিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই । বিধায়িকা গৰাকীয়ে এগৰাকী শিল্পীক এনেদৰে প্ৰাণে মৰাৰ চেষ্টা চলোৱা ঘৃণনীয় ঘটনাক গৰিহনা দি এই ঘটনাত জড়িত প্ৰকৃত দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰি ধৃষ্টান্তমূলক শাস্তি দিবলৈ প্ৰশাসনক অাহ্বান জনাইছে । নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ দলংঘাট উন্নয়ণ খণ্ডৰ এলেকাধীন নিজ হাতীচোং গাঁও পঞ্চায়তৰ পথ মেৰামতিৰ শুভাৰম্ভনি কৰি বৃহস্পতিবাৰে বিধায়িকাগৰাকীয়ে জুবিন গাৰ্গক দুৰ্বৃত্তই কৰা আক্ৰমণৰ ঘটনাৰ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তদুপৰি বিধায়িকা আঙুৰলতা ডেকাই নিজ সমষ্টি এৰি অন্য সমষ্টিৰ পৰা আগন্তুক নিৰ্বাচনত অৱৰ্তীণ হোৱাৰ বিষয়ে সামাজিক মাধ্যমত হোৱা প্ৰচাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰে ৷ এই সম্পৰ্কত বিধায়িকাগৰাকীয়ে কয়-"মই বিজেপি দলৰ অনুগামী, বিজেপি দলৰ ভক্ত। মোক দলে বহিবলৈ ক’লে বহি থাকিম আৰু দৌৰিবলৈ ক’লে দৌৰি থাকিম । কিন্তু য’তেই থাকিম দলৰ হৈ কাম কৰিম। মই ক’ত থাকিম বা নাথাকিম সেয়া বিবেচনা কৰিবলৈ ৰাইজে মোক নিৰ্বাচিত কৰা নাই। মই নিৰ্বাচিত হৈছো ৰাইজৰ কাম কৰিবলৈ ৷ গতিকে নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰা পৰ্যন্ত মই ৰাইজৰ কাম কৰি যাম।" বিধায়িকাগৰাকীয়ে পুৱাৰে পৰা নিজ হাতীচোং গাঁও পঞ্চায়তৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি তিনিটাকৈ গুৰুত্বপূৰ্ণ পথৰ মেৰামতিৰ শুভাৰম্ভ কৰাৰ লগতে পঞ্চায়তটোৰ দহটা অনুষ্ঠানৰ মাজত উন্নয়নমুলক কামৰ বাবে আৰ্থিক অনুদানৰ চেক বিতৰণ কৰে ৷
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা