ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়ত্ৰীসকলৰ দুখ-দূৰ্দশাৰ বুজ ল'ব কোনে?

*ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়ত্ৰীসকলৰ দুখ-দূৰ্দশাৰ বুজ ল'ব কোনে?*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৯ আগষ্ট*

অতীজৰে পৰা গুৰু-শিষ্যৰ মিলনতহে প্ৰকৃত শিক্ষাদান সম্ভৱ হৈ আহিছে ৷ গুৰুৰ পৰাই শিষ্যই পাঠগ্ৰহনৰ মাধ্যমেৰে যি জ্ঞান লাভ কৰি আহিবলৈ সক্ষম হৈছে সেই জ্ঞানৰ জ্যোতিয়েহে জগত পোহৰাই তুলিছে, পৃথিৱী উজলি উঠিছে ৷ কিন্তু হঠাৎ এক মহামাৰী ৰূপেৰে অহা ভাইৰাছ ক'ৰোণাৰ বাবে লক্ ডাউন পৰিস্থিতিৰ উদ্ভৱ হৈছে যিটো অৱশ্যেই স্বীকাৰ্য ৷ লক্ ডাউনৰ এই সময়ছোৱাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাত ভূগি থকা পৰিলক্ষিত হৈছে । শিক্ষকসকলে বিদ্যালয়ত পাঠদান কৰিব নোৱাৰি বহুত দুখ আৰু কষ্টত ভূগি থকা দেখা গৈছে । কিয়নো শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰাৰ বাহিৰে আন বেলেগ কথা ভাবিবই নোৱাৰে । শিক্ষকসকলৰ দৈনন্দিন যাত্ৰাপথত ক'ৰোণা ভাইৰাছে যিদৰে বাধাৰ সৃষ্টি কৰিলে তাৰপৰা আজিও শিক্ষকসকলে একো উৱাদিহ পাবলৈ সক্ষম হোৱা নাই । নূন্যতম মাননীৰে শিক্ষাদান কৰি থকা এই শিক্ষকসকলৰ আজি বহুতৰে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । সন্মানৰ খাতিৰত শিক্ষকসকলে অইন কামো কৰিব নোৱাৰা হৈছে । বিদ্যালয়ত পাঠদান কৰি যি দুপইচা পায় তাৰে জোৰা টাপলি মাৰি কোনোমতে ঘৰখন চলাই আছিল তাকো মহামাৰী ক'ৰোণাই যেন মুধা মাৰিলে । বিগত প্ৰায় ৬ মাহ ধৰি কিদৰে শিক্ষকসকল চলি আছে সেয়া ভুক্তভোগীসকলেহে জানে । চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া  ৫০% মাচুলো লক্ ডাউনৰ আৰম্ভণিতে অভিভাৱকসকলে আদায় নিদিয়াৰ অজুহাততে হওঁক বা যি কাৰণতেই নহওঁক বিদ্যালয় কতৃপক্ষয়ো শিক্ষকসকলক মাননী দিবলৈ অপৰাগতা প্ৰকাশ কৰে যাৰ ফলত শিক্ষকসকল চৰম হতাশাত ভোগা পৰিলক্ষিত হৈছে । শিক্ষক যেন তেখেতসকলৰ এক অভিশাপহে আছিল এনে মন্তব্যও প্ৰকাশ কৰিছে দুই এজনে । শিক্ষকতা হৈছে এক মহৎ আৰু পৱিত্ৰ বৃত্তি । বহু কষ্ট, ত্যাগ, শ্ৰদ্ধা আৰু মৰমৰ প্ৰতীক শিক্ষকসমাজ ৷ অন্য সকলোৰে লগত নলবাৰীৰ গ্ৰাম্যাঞ্চলৰ বিদ্যালয়সমূহতো শিক্ষকসকলে ই-লাৰ্ণিংযোগে পাঠদান কাৰ্য চলাই গৈ আছে বুলি শিক্ষক ৰূপক বৈশ্য জানিবলৈ দিয়ে ৷ এইজনা শিক্ষকে বিগত মাৰ্চ মাহৰ পৰাই নিজেই ইউটিউবত 'Rupakz Duniya' নামেৰে এটি চেনেলযোগে প্ৰায় অৰ্ধশতাধিক ভিডিঅ' মুকলিৰে নিয়মিত পাঠদান কৰি গৈছিল ৷ অনলাইন অথৱা হোৱাটছএপযোগে শিক্ষকসকলে নিয়মিতভাৱে পাঠদান কাৰ্য অব্যাহত ৰাখিছে তৎসত্বেও যেন উচিত মূল্যায়ন নোহোৱা দেখুৱাব বিচাৰিছে এচাম সুবিধাবাদীয়ে ৷ শিক্ষকসকলৰ এনে দূৰ্দশাই ছাত্ৰ-ছাত্ৰীৰ মাজত নিশ্চিতভাৱে প্ৰভাৱ পেলাব ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা