"কৃষি ক্ষেত্ৰৰ উত্তৰণেহে সম্ভৱ কৰিব অসমৰ প্ৰগতিঃ মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি ৰাজ্যিক বিজেপিৰ"

 বিজ্ঞপ্তি :

"কৃষি ক্ষেত্ৰৰ উত্তৰণেহে সম্ভৱ কৰিব অসমৰ প্ৰগতিঃ মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি ৰাজ্যিক বিজেপিৰ"

১৬ আগষ্ট, গুৱাহাটীঃ বিগত চাৰি বছৰে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে সমূহ অসমবাসীৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত কৰিবলৈ নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি আহিছে ৷ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ "সবকা সাথ্, সবকা বিকাশ্, সবকা বিশ্বাস্" আৰু "আত্মনিৰ্ভৰ ভাৰত" নীতিৰে অসমবাসীৰ মতামতক গুৰুত্বসহকাৰে লৈ এখন "আত্মনিৰ্ভৰ অসম" গঢ়াৰ লক্ষ্যৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত কৰা ঘোষণা সমূহক আদৰণি জনাই ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই ৷ মূলতঃ কৃষিভিত্তিক অৰ্থনীতিক নতুন গতি প্ৰদানেৰে গ্ৰামাঞ্চলৰ বিকাশ সাধনেৰেহে "আত্মনিৰ্ভৰ অসম"ৰ সপোন সাকাৰ হ’ব বুলি আশা ব্যক্ত কৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে ৷ এই সন্দৰ্ভত এক প্ৰেছ বিবৃতিৰ জৰিয়তে ৰাজ্যিক বিজেপিৰ উপসভাপতি শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কয় যে, ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ২০ লাখ কোটি টকা ব্যয়েৰে "আত্মনিৰ্ভৰ ভাৰত" অভিযানৰ আৰম্ভ কৰিছে আৰু প্ৰধানমন্ত্ৰী গৰাকীৰ এনে আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি জাজ্ ফিল্ডৰ পতাকা উত্তোলনৰ বাকৰিৰ পৰা "আত্মনিৰ্ভৰ অসম" গঢ়াৰ উদ্দেশ্যেৰে কৃষিক্ষেত্ৰৰ উত্তৰণৰ দিশত যি সমূহ সূদূৰপ্ৰসাৰী ঘোষণা কৰিছে সেয়া নিসন্দেহে আদৰণীয় ৷ চৰকাৰৰ এনে পদক্ষেপে অসমৰ যুৱক যুৱতীসকলৰ আৰ্থিক বিকাশত এক নতুন গতি প্ৰদান কৰিব ৷ লগতে অসমৰ ঘৰুৱা উৎপাদনো বহুলাংশে বৃদ্ধি পাব ৷ 

ঘোষণা সমূহৰ ভিতৰত বিশেষকৈ ৩য় আৰু ৪ৰ্থ বৰ্গৰ চাকৰিৰ আৱেদনৰ ক্ষেত্ৰত বয়সৰ উৰ্দ্ধতম সীমা পূৰ্বৰ ৩৮ বছৰৰ পৰিৱৰ্তে ৪০ বছৰলৈ কৰা বৃদ্ধিৰ ঘোষণাই বহু চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ মনত আশাৰ সঞ্চাৰ কৰিছে বুলি উল্লেখ কৰি তেখেতে কয় যে অসমৰ নিৱনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ 

তাৰোপৰি ৰাইজৰ প্ৰয়োজনীয় চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত ধানৰ উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে প্ৰায়োগিক পৰিযোজনা হিচাপে ধেমাজি আৰু বাক্সা জিলাত "ৰাইচ ক্লাষ্টাৰ"ৰ সিদ্ধান্ত,ৰাজ্যৰ কৃষকে যাতে ধানৰ উচিত মূল্য পায় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন জিলাত ধান ক্ৰয়ৰ কেন্দ্ৰ মুকলি কৰি চৰকাৰী ভাৱে ধান ক্ৰয়ৰ ব্যৱস্থা কৰাৰ ঘোষণা,ধানসমূহ যাতে গ্ৰাহকৰ ওচৰলৈ লৈ যোৱাত সহায় হয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অসমৰ ভিন্ন ২২০ টা ধান বনা কল স্থাপনৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত আৰু এনে কল স্থাপন কৰিব বিচৰা থলুৱা উদ্যোগী, সমবায়, আত্মসহায়ক গোটক ৩০% ৰাজসাহাৰ্য্য দিয়াৰ যি সিদ্ধান্ত লোৱা হৈছে এয়া আৰু কৃষক সকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিবলৈ প্ৰতিখন জিলাতে শীতলীকৰণ ভঁৰাল স্থাপন কৰাৰ ঘোষণা
অত্যন্ত আদৰণীয় ৷

আনহাতে পথাৰ আৰু বজাৰৰ মাজত সংযোজনৰ প্ৰতি লক্ষ্য ৰাখি ১০০০ খন মিনি ট্ৰাক প্ৰদানৰ যি ঘোষণা কৰিছে ই নিশ্চয়কৈ বহু যুৱকক স্বাৱলম্বী হোৱাত সহায়ক হ’ব ৷ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ২০১৪ চনত জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূবক জৈৱিক হাব্ হিচাপে গঢ়াৰ উদ্দেশ্য অসমৰ ৭৫ হাজাৰ বিঘা কৃষিভূমি চিনাক্ত কৰা হৈছে। আৰু কৃষিৰ ক্ষেত্ৰত এই সিদ্ধান্তই অসমক আগুৱাই যোৱাত বহুপৰিমাণে সহায়ক হ’ব ৷

সকলো জিলাতে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰে (PPP মডেলেৰে)একোটাকৈ দুগ্ধ সংসাধন উদ্যোগ স্থাপন আৰু প্ৰতিখন জিলাতে ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰে পশু খাদ্য মিল স্থাপন কৰাৰ 
ঘোষণাই বহু পশুপালকক সকাহ দিব বুলিও তেখেতে আশা প্ৰকাশ কৰে ৷

তাৰোপৰি ৰাজ্যৰ সকলো বিল-জলাশয় চিনাক্ত আৰু জৰীপ কৰি থলুৱা আত্ম সহায়ক গোটক মৎস উৎপাদনৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়াৰ ঘোষণাই বহু মৎস্যপালকক উৎসাহিত কৰিব আৰু যুৱ প্ৰজন্ম এই ক্ষেত্ৰত আকৰ্ষিত হৈ এখন নতুন অসম গঢ়িবলৈ সক্ষম হ’ব বুলি উপসভাপতি গৰাকীয়ে ব্যক্ত কৰে ৷

তেখেতে লগতে কয় যে বিজেপি দলে সদায় অসম আৰু অসমীয়াৰ সৰ্বাংগীণ উন্নতিৰ হকে কাম কৰি আহিছে আৰু ভৱিষ্যতেও কাম কৰি যাব। অসমীয়া যুৱক যুৱতীয়ে বজাৰ আৰু পথাৰ দখল কৰিব পাৰিলেহে সোণৰ অসমৰ সপোন ৱাস্তৱায়িত হ’ব ৷ বিজেপি দল আৰু এইখন চৰকাৰে সদায়েই প্ৰতিজন খিলঞ্জীয়া অসমীয়া যুৱক যুৱতীক কৰ্ম সংস্কৃতিৰ মাধ্যমেৰে জাতিৰ লগতে ৰাজ্যৰ বিকাশত অংশীদাৰ হ’বলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াই আহিছে আৰু অনাগত দিনতো এনেদৰেই কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে উপসভাপতি গৰাকীয়ে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা