বিশিষ্ট গীতিকাৰ , লোক সংস্কৃতিৰ সাধক অসমৰ বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্যৰ মৃত্যু

ষ্টাফৰিপৰ্টাৰ, বিশিষ্ট গীতিকাৰ , লোক সংস্কৃতিৰ সাধক অসমৰ বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্যৰ গুৱাহাটী হেলথ চিটি হাস্পতালত সোমবাৰে নিশা মৃত্যু হয়। 'ও ফুলেশ্বৰি  বুকুৰে লগৰী, বেলি গ'ল গধূলি হল ,  মধুৰ মুৰতি, নামামী ব্ৰহ্মপুত্ৰ   আদি জনপ্ৰিয় গীতেৰে অসমৰ সংগীত জগত খনক সমৃদ্ধ  কৰা  বিশিষ্ট গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক মনমথ বৈশ্য যোৱা  ১৫ আগষ্টৰ পৰা গুৱাহাটীৰ হেল্থ চিটি হস্পিতালত  চিকিৎসাধিন হৈ আছিল। বৰপেটাৰ কেওটকুছি গাঁওৰ প্ৰয়াত গীতিকাৰ গৰাকী গুৱাহাটীৰ বেলতলাৰ বাসিন্দা আছিল।
ও ফুলেশ্বৰি  বুকুৰে লগৰী, বেলি গ'ল গধূলি হল ,  মধুৰ মুৰতি, নামামী ব্ৰহ্মপুত্ৰ   আদি জনপ্ৰিয় গীতেৰে অসমৰ সংগীত জগত খনক সমৃদ্ধ  কৰা  বিশিষ্ট গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক মন্মথ বৈশ্য ২৪ আগষ্টৰ নিশা ১১-৩০ বজাত   গুৱাহাটীৰ হেল্থ চিটি হস্পিতালত  পৰলোক প্ৰপ্তি ঘটে। অসম সাহিত্য সভাৰ মুখপাত্ৰ ড০ সঞ্জীৱ কুমাৰ শৰ্মা,ৰামধেনুৰ আহভায়াক মানিক আহমেদ প্ৰমুখ্যে এটি দলে দিনৰ ভাগত স্বাস্থ্যৰ বুজ লোৱা উদেশ্যে উপস্থিত হৈছিল  চিকিৎসালয় খনত। শতাধিক গীত  আৰু  ঋণ মুক্তি আদিৰ দৰে উপন্যাস ৰচনাৰে অসমৰ সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে স্মৰণীয় হৈ ৰৱ গীতিকাৰ বৈশ্য। তেওঁৰ মৃত্যু অসমৰ সংগীত  জগতৰ এক অপুৰণীয় ক্ষতি। গীতিকাৰ বৈশ্যৰ বিদেহ  আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে অসম সাহিত্য সভাই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা