পাঠশালাত প্ৰেছ গীল্ডৰ ষষ্ঠদশ বাৰ্ষিক অধিবেশন সম্পন্ন

পাঠশালাত প্ৰেছ গীল্ডৰ ষষ্ঠদশ বাৰ্ষিক অধিবেশন সম্পন্ন 
#বজালী জিলা প্ৰেছ গীল্ড গঠন#

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৭ আগষ্টঃ বজালী প্ৰেছ গীল্ডৰ ষষ্ঠদশ বাৰ্ষিক অধিবেশন আজি দিনযোৰাকৈ পাঠশালাৰ আজাদ ভৱন প্ৰাংগনত অনুষ্ঠিত হয়। পাঠশালাৰ আজাদ ভৱন প্ৰেক্ষাগৃহত বৃহত্তৰ বজালীৰ বহুসংখ্যক সাংবাদিক আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ উপস্থিতিত বজালী প্ৰেছ গীল্ডক উন্নিত কৰি বজালী জিলা প্ৰেছ গীল্ড নামৰ অনুস্থান এটা গঠন কৰা হয়। বিশিষ্ট সাংবাদিক-লেখক নাগেশ্বৰ দাসৰ সভাপতিত্বত সাংবাদিকতাৰ ওপৰত এখনি আলোচনা চক্ৰও অনুষ্ঠিত হৈ যায়। "সংবাদক্ষেত্ৰ আৰু সামাজিক দায়ৱদ্ধতা"  বিষয়ৰ ওপৰত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনৰ মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা বজালী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ড° বসন্ত কুমাৰ শৰ্মাই। সাংবাদিক-লেখক নাগেশ্বৰ দাসে সঞ্চালনা কৰা আলোচনা চক্ৰখনত ড° বসন্ত কুমাৰ শৰ্মাই কয়- সমাজত সাংবাদিক সকলৰ দায়বদ্ধতা সবাতোকৈ বেছি , যিকোনো বাতৰি শুদ্ধ - শুদ্ধতা  নোচোৱাকৈ সাংবাদিকে বাতৰি পৰিবেশন কৰিব নালাগে। সাংবাদিকসকলে তেওঁলোকৰ ধাৰাল কলম সদায় সত্য অনুসন্ধানত ব্যৱহাৰ কৰিব লাগে। আজিৰ এই বৰ্ষপুৰ্তি অনুষ্ঠানত পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বজালী জিলা সমিতি, পাঠশালা বজাৰ সমিতিৰ লগতে বৃহত্তৰ বজালী অঞ্চলৰ জেষ্ঠ সাংবাদিকৰ উপদেশমৰ্মে যিহেতু বজালী মহকুমাই জিলাৰ মৰ্যদা লাভ কৰিছে সেয়ে, নৱগঠিত বৃহত্তৰ বজালী জিলাক সামৰি বজালী প্ৰেছ গীল্ডক উন্নীত কৰি বজালী জিলা প্ৰেছ গীল্ড হিচাপে গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু উক্ত প্ৰস্তাৱ অনুসৰি বিশিষ্ট সাহিত্যিক-সাংবাদিক ড° বসন্ত কুমাৰ শৰ্মাক মুখ্য উপদেষ্টা, আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়, পাঠশালা বজাৰ সমিতিৰ সম্পাদক জিতেন তালুকদাৰ, যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ  সভাপতি মৃদুল তালুকদাৰ, সম্পাদক লক্ষেশ্বৰ দাস, পাঠশালা আঞ্চলিক সন্থাৰ  সম্পাদক বিশ্বজিৎ গাংগুলী, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গুৰু প্ৰসাদ দাস, প্ৰবীন সাংবাদিক উদয় ডেকা আৰু সাংবাদিক ৰানা ডেকাক উপদেষ্টা হিচাপে লৈ সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰ (পাঠশালা) ক সভাপতি,  সাংবাদিক ৰাজীৱ তালুকদাৰ ( ভবানীপুৰ) ক কাৰ্য্যকৰী সভাপতি, সাংবাদিক নজৰুল ইছলাম (বালাপাৰা) ক উপ-সভাপতি , সাংবাদিক গুণজিৎ কলিতা( টিহু) ক সম্পাদক, সাংবাদিক গণেশ কলিতা(বালাপাৰা) আৰু বেদান্ত সান্দিল্য (পাটাছাৰকুছি) ক সহঃ সম্পাদক, সাংবাদিক ছাহেদ আলী আহমেদ (কয়াকুছি ) আৰু ভূপেশ খাটনিয়াৰ (নিত্যানন্দ) ক সাংগঠনিক সম্পাদক, ধৰ্মেন্দ্ৰ দাস (বাঘমাৰা ) ক কোষাধ্যক্ষ, ডিম্পল তালুকদাৰ (কেন্দুগুৰি) ক কাৰ্যালয় সম্পাদক, অক্ষেন্দ্ৰ তালুকদাৰ, চিন্ময় শৰ্মা, কুলদীপ নাথ (পাঠশালা)ক প্ৰচাৰ সম্পাদক, বলেন দাস, সঞ্জীৱ সাগৰ দাস, ফৰহাদ খান, বুবু কলিতা , বনজিত পাটগিৰি, গোপাল বৈশ্য,  হীৰক পাটগিৰি, মানস প্ৰতীম চৌধুৰী আৰু ৰূপ কুমাৰ শৰ্মাক কাৰ্যকৰী সদস্য হিচাপে লৈ সভাই বজালী জিলা প্ৰেছ গীল্ডৰ দুবছৰীয়া কাৰ্য্যকালৰ বাবে দায়িত্বভাৰ অৰ্পন কৰে। উল্লেখ্যে, আজিৰ অনুষ্ঠানত চলিত বৰ্ষত বৃহত্তৰ বজালী অঞ্চলৰ উপৰি অসমৰ ভিন্ন প্ৰান্তৰ সাংবাদিক, শিল্পী, সমাজকৰ্মী, ব্যৱসায়ী আদিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সংশ্লিষ্ট পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি মৃতকৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা জনায়। সাংবাদিক ৰানা ডেকাই শলাগৰ শৰাই আগবঢ়ায়। ইপিনে, পুৱা বজালী প্ৰেছ গীল্ডৰ সভাপতি ধ্ৰুবজ্যোতি তালুকদাৰে গীল্ডৰ পতাকা উত্তোলনেৰে গীল্ডৰ ষষ্ঠদশ বাৰ্ষিক অধিৱেশনৰ কাৰ্য্যসূচী মুকলি কৰাৰ পিছত প্ৰাক্তন আছু নেতা তথা বজালী জিলা দাবী সমিতিৰ সম্পাদক ধৰ্মেশ্বৰ ৰয়ে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰি  প্ৰেছ  গীল্ডে নৱগঠিত বজালী জিলাৰ  শৈক্ষিক, সামাজিক, সাংস্কৃতিক, অথনৈতিক, ৰাজনৈতিক  আৰু সাহিত্য ক্ষেত্ৰত অগ্ৰনী ভূমিকা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে। সন্ধিয়া আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয় আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা পাঠশালা ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি পৰাগ বৰ্মনে বন্তি প্ৰজ্বলন কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা