টীয়কত জ্যেষ্ঠ সাংবাদিক মৃদুল বৰুৱাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন

যোৱা ১১ আগষ্টৰ নিশা ৯-৪০ বজাত যকৃতৰ ৰোগত আক্ৰান্ত হৈ টীয়কৰ জ্যেষ্ঠ সাংবাদিক মৃদুল বৰুৱাৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰে সমগ্ৰ যোৰহাটবাসী। ১৯৭৯ চনত জন্মগ্ৰহণ কৰা মৃদুল বৰুৱা আছিল এজন সুদক্ষ গীটাৰ বাদক। এন ই টিভিৰ কেমেৰা পাৰচন হিচাপে সাংবাদিকতাৰ সেৱা আগবঢ়োৱাৰ পিছতেই নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তা কাকতৰ টীয়কৰ হৈ সংবাদ সেৱা আগবঢ়াইছিল। সেইহেতুকে আজি টীয়ক প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰয়াত মৃদুল বৰুৱাৰ সোঁৱৰণিত টীয়কস্থিত অসম ৰাজ্যিক বাছ আস্থানৰ প্ৰাংগণত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। টীয়কৰ জ্যেষ্ঠ সাংবাদীক ৰিজু কুমাৰ শইকীয়াই আঁত ধৰা উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে মুকলি কৰে টীয়ক প্ৰেছ ক্লাৱৰ উপদেষ্টা দিলীপ ভূঞাই। যোৰহাট জিলাৰ প্ৰায় ৪৯ টা অনুষ্ঠান-প্রতিষ্ঠান, দল-সংগঠনে অংশ গ্ৰহণ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত যোৰহাট জিলা ই-মেডিয়া, টীয়ক প্ৰেছ ক্লাৱ তথা তেওঁৰ শুভাকাংক্ষী সকলে পৰিয়ালক এক এককালীন সাহায্যও আগবঢ়াই। উল্লেখযোগ্য যে প্ৰয়াত মৃদুল বৰুৱাৰ কৰ্মৰত নিউজ লাইভৰ পৰিয়ালৰ তৰফৰ পৰা এককালীন সাহায্য দিয়াৰ লগতে পৰিয়াললৈ প্ৰতি মাহে পেঞ্চনৰও সুবিধা আগবঢ়ায়। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সহস্ৰাধিক গুণমুগ্ধই অংশ গ্ৰহণ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা