শিক্ষাৰ স্নাতক ডিগ্ৰী লৈয়ো শাৰিৰীক শিক্ষা নিৰ্দেশকসকল নিয়োগৰ পৰা আজিও বঞ্চিত-

শিক্ষাৰ স্নাতক ডিগ্ৰী লৈয়ো শাৰিৰীক শিক্ষা নিৰ্দেশকসকল নিয়োগৰ পৰা আজিও বঞ্চিত- এইসকল প্ৰশিক্ষণপ্ৰাপ্ত নিৰ্দেশকৰ দূৰবস্থাৰ বুজ কোনে ল'ব*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ আগষ্ট*

শিক্ষাত শাৰীৰিক অনুশীলন ৷ দৰাচলতে নীতিগতভাৱে এক বাধ্যতামূলক বিষয় ৷ বাধ্যতামূলক নহয় কেবল বিভাগ ৷ শুই আছে এই ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰনালয় বিভাগ ৷ কিয়নো আজিও বহু প্ৰশিক্ষিত চাকৰি প্ৰত্যাশী নিবনুৱা ৷ বিদ্যালয়সমূহত শাৰিৰীক শিক্ষাক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে সৰ্বত্ৰে সমালোচিত হৈ আহিছে । দূৰ্ভাগ্যৰ বিষয় যে আজিলৈ সেই কাম সম্পূৰ্ণ হৈ উঠা নাই যাৰ ফলত চাকৰি প্ৰত্যাশী অসমৰ প্ৰায় ৬৫০০ গৰাকী প্ৰাৰ্থী আশাত বন্দী হৈ বৰ্তমান তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । তেওঁলোকৰ সুনিশ্চিত ভবিষ্যত গঢ়াৰ লগতে ক্ৰীড়াৰ কিছু কাম কৰাৰ মানসিকতাৰে নিজৰ গাঠিৰ ধন খৰছ কৰি ক্ৰীড়া বিষয়ক পাঠ্যক্ৰম সুখ্যাতিৰে উৰ্তীৰ্ণ হৈ আহি বছৰ বছৰ ধৰি ঘৰতে এনেই বহি থাকিবলগীয়া হৈছে । এই বিষয়ক লৈ চৰকাৰৰ ঘৰত তাঁত-বাতি কাঢ়ি-কাঢ়ি আজিলৈ একো সুফল পাবলৈ সক্ষম হোৱা নাই । এটা সুস্থ শৰীৰেহে এটা সুস্থ মনৰ জন্ম দিব পাৰে, এটা সুস্থ মনেহে সুস্থ চিন্তা-চৰ্চা কৰিব পাৰে আৰু এটা সুস্থ চিন্তা-চৰ্চাইহে দেশ তথা জাতিটোক আগবঢ়াই নিয়াত সহায় কৰিব পাৰে । গতিকে স্বাভাৱিকতে সুস্থ শৰীৰৰ বাবে খেলা-ধুলা নিতান্তই প্ৰয়োজনীয় । কিন্তু এই প্ৰয়োজনীয় কথাটো চৰকাৰে গুৰুত্বসহকাৰে বিবেচনা নকৰাতো দূৰ্ভাগ্যজনক । ইতিমধ্যে যিসকলে বিদ্যালয়সমূহত শাৰিৰীক শিক্ষা নিৰ্দেশক হিচাপে কৰ্মৰত অৱস্থাত আছে তেওঁলোকলৈও চৰকাৰৰ ফালৰ পৰা আজিলৈ কোনো ধৰণৰ স্পষ্ট নীতি-নিৰ্দেশনা নাই যাৰ বাবে ইচ্ছা থাকিও তেওঁলোকে বিদ্যালয়সমূহত ক্ৰীড়াক আগবঢ়াই নিবলৈ সক্ষম হোৱা নাই । বিদ্যালয়সমূহত পৰ্যাপ্ত পৰিমাণৰ খেলৰ সামগ্ৰীৰ অভাৱতেই হওঁক বা অইন কাৰণতেই হওঁক তেওঁলোকেও বিদ্যালয় সপ্তাহত জোৰা-টাপলি মাৰি কিবাকৈ ক্ৰীড়া কাৰ্য সমাপন কৰি গোটেই বছৰটোৰ বাবেই ক্ৰীড়াক পিঠি দিবলগীয়া হৈ আছে । এনেদৰে ক্ৰীড়াৰ পৰা ভাল ফলাফল আশা কৰাটো আকাশত চাং পতাৰ দৰেই হৈছে । ক্ৰীড়াৰ আন্তঃগাঠনি মজবুত কৰিবলৈ হ'লে বিদ্যালয়সমূহত ক্ৰীড়াক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাহিৰে গত্যন্তৰ নাই । ক্ৰীড়াৰ বহল আৰু সূদৃঢ় ভেটি নিৰ্মাণত বিদ্যালয়সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে । ৮-১২ বছৰৰ ভিতৰত খেলুৱৈসকলৰ ক্ৰীড়াৰ ভেটি নিৰ্মাণৰ উপযুক্ত সময় হিচাপে বিবেচিত হৈ আহিছে । এইখিনি সময়ত ছাত্ৰ-ছাত্ৰীসকলক সু-পৰিকল্পিত ভাৱে বিজ্ঞানসন্মত দীৰ্ঘকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰিলেহে অসমৰ ক্ৰীড়াক্ষেত্ৰখন নিশ্চিতভাৱে উপকৃত হ'ব বুলি দৃঢ়ভাৱে ক'ব পাৰি । সেয়েহে উৰ্ধতম কতৃপক্ষক চাকৰি প্ৰত্যাশী এইসকল প্ৰশিক্ষকে বিনম্ৰতাৰে অনুৰোধ জনায় যাতে বিদ্যালয়সমূহত শাৰীৰিক শিক্ষাক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰি ক্ৰীড়াৰ জড়িয়তে ৰাজ্যখনত মানৱ সম্পদ গঢ়াৰ পৰিকল্পনা হাতত লৈ চাকৰি প্ৰত্যাশী সকলক মকৰলৰ সুবিধা প্ৰদান কৰে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা