আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত উত্তৰ গুৱাহাটীৰ মানসজ্যোতি বৰুৱাৰ সাফল্য
পঙ্কজ নাথ, চাংসাৰি, ১৩ আগষ্ট :
প্ৰথম হিৰ'চ আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো(পুমচে) ভাৰ্চুৱেল প্ৰতিযোগিতাত উত্তৰ গুৱাহাটী টাইকোৱানডোৰ মানসজ্যোতি বৰুৱাই সোনৰ পদক লাভ কৰি উত্তৰ গুৱাহাটী তথা সমগ্ৰ অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । যোৱা ৮ আৰু ৯ আগষ্ট তাৰিখে থাইলেণ্ডৰ পৰা অনলাইন যোগে হৈ যোৱা প্ৰতিযোগিতাখনিত এই পদক লাভ কৰিবলৈ সক্ষম হৈছে মানসজ্যোতিয়ে।
মানসজ্যোতি বৰুৱা নৰ্থ গুৱাহাটী টাইকোৱানডো প্ৰশিক্ষণ কেন্দ্ৰৰ খেলৱৈ তথা উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ ছাত্র । নৰ্থ গুৱাহাটী টাইকোৱানডো প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক প্ৰাজ্ঞল বুঢ়াগোহাঁইৰ অধীনত প্ৰশিক্ষণ লাভ কৰা খেলুৱৈ গৰাকীয়ে ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত পদক লাভ কৰি অসমৰ বাবে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। কৃতি খেলুৱৈ গৰাকী উত্তৰ গুৱাহাটী শিলসাকোঁ নিৱাসী সঞ্জীৱ বৰুৱা আৰু সংগীতা বৰুৱা পুত্ৰ। উত্তৰ গুৱাহাটী, শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনৰ কৃতকাৰ্য্যতাত নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী, প্ৰধান আচাৰ্য উৎপল তালুকদাৰৰ লগতে সমূহ আচাৰ্য-আচাৰ্যাই খেলুৱৈ গৰাকীক অভিনন্দন জ্ঞাপন কৰে । ইয়াৰ লগতে অহা ১৫ আগষ্টত খেলুৱৈ গৰাকীক নিকেতন পৰিসৰত সম্বৰ্ধনা জনোৱা হব বুলিও জানিবলৈ দিছে। সমগ্ৰ উত্তৰ গুৱাহাটী বাসীয়ে ছাত্ৰ গৰাকীক লৈ গৌৰৱবোধ কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।
Comments
Post a Comment