নলবাৰীৰ বেলশৰত "নক'লেও নহয় এটি কবিতা" উন্মোচন- 'শব্দৰ সাধনাৰে সুন্দৰ সমাজ গঢ়ি আদৰ্শৰ বাৰ্তাবাহক বেলশৰীয়া হালৈ'- ধ্ৰুৱজ্যোতি শৰ্মা

নলবাৰীৰ বেলশৰত "নক'লেও নহয় এটি কবিতা" উন্মোচন- 'শব্দৰ সাধনাৰে সুন্দৰ সমাজ গঢ়ি আদৰ্শৰ বাৰ্তাবাহক বেলশৰীয়া হালৈ'- ধ্ৰুৱজ্যোতি শৰ্মা*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩০ আগষ্ট*

“এটা শব্দৰ অম্বেষনৰে বাট বুলি অসমৰ কলা সংস্কৃতিৰ ওজাপালি কৃষ্টিৰ অন্যতম ডাইনাপালি হিচাপে প্ৰভাত হালৈয়ে ষাঠি বছৰৰ পিছত সংস্কৃতিৰ সমান্তৰালকৈ সাহিত্যৰ ক্ষেত্ৰত আত্মপ্ৰকাশ কৰি ১৬খনকৈ মূল্যবান গ্ৰন্থ অসমীয়া সাহিত্যলৈ উপহাৰ দিয়াটো সহজসাধ্য নহয় ৷ একাগ্ৰতা থাকিলে অসাধ্য সাধন কৰা সহজ ৷ তাৰ উদাহৰণস্বৰূপে বেলশৰৰ প্ৰভাত হালৈ এক নিদৰ্শন ৷  নলবাৰী জিলাৰ বেলশৰত আজি পুৱা বিশিষ্ট সাহিত্যিক প্ৰভাত হালৈৰ ১৬সংখ্যক গ্ৰন্থ “নক'লেও নহয় এটি কবিতা” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি  এইদৰে কয় প্ৰবীন সাংবাদিক, সাহিত্যিক পেঞ্চনাৰ, নাট্যকাৰ যাদৱ সেন ডেকাই ৷ বেলশৰৰ নিজ গৃহত আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, নলবাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা° বিপিন কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক নৱ তালুকদাৰ, বিশিষ্ট সমালোচক মহেশ বৰ্মন, প্ৰমোদ কলিতা, বসন্ত মহন্ত, প্ৰমোদ ভট্ট, দেৱেন ডেকা আৰু পুলক কুমাৰ শৰ্মা ৷ আটাইকেইগৰাকী বিশিষ্ট মহানুভৱে সাহিত্যিকগৰাকীৰ সৃষ্টিৰাজিৰ ওপৰত সুন্দৰ ভাষণ প্ৰদান কৰে ৷ নলবাৰীৰ মুক্তিযুঁজাৰু সন্থাৰ সভাপতি তথা শিক্ষাবিদ নৰেন্দ্ৰ নাথ হালৈৰ পৌৰহিত্যত বহা গ্ৰন্থ উন্মোচনী সভাত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি, নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি তথা বিশিষ্ট্য নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি শব্দৰ উপসনা কৰা প্ৰভাত হালৈ নলবাৰী জিলাৰ এগৰাকী সচেতন আৰু মানুহৰ মনৰ স্বচ্ছতাৰে নিজৰ সাহস আৰু একাগ্ৰতাৰে যিদৰে সাহিত্য চৰ্চা কৰি গৈছে সেয়া আমাৰ বাবে আদৰ্শ আৰু প্ৰেৰণাস্বৰূপ বুলি অভিহিত কৰে ৷ বুবুল কুমাৰ শৰ্মাই আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাত বেলশৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা