পেনাশ্যনিক লাইফ চলিউশ্যন ইণ্ডিয়াৰ আকর্ষণীয় নিম্ন মূল্যৰ মডিউলাৰ ছুইছ জ্যিভা'ৰ উন্মোচন



 ষ্টাফৰিপ'ৰ্টৰ,,১৯ আগষ্ট।।।
বিদ্যুৎ নিৰ্মাণ সামগ্রী নিৰ্মাণৰ ক্ষেত্ৰত দেশৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান পেনাশ্যনিক লাইফ চলিউশ্যন ইণ্ডিয়াই আকৰ্ষণীয় ব্যয়সাধ্যমূল্যৰ মডিউলাৰ ছুইছ "জ্যিভা'ৰ শুভাৰম্ভ ঘোষণা কৰিছে। নিম্নমূল্যত অত্যাধুনিক আৰু আকৰ্ষণীয় সামগ্রীৰ প্ৰতি আগ্ৰহী গ্ৰাহকৰ বাবে প্ৰতিষ্ঠানটোৱে মুকলি কৰিছে জ্যিভা মডিউলাৰ ছুইছ। উন্নত প্ৰযুক্তি, অধিকতম কাৰ্যক্ষমতা,আৰু আকৰ্ষণীয় ডিজাইনৰ অদ্বিতীয় মিশ্ৰণ জ্যিভা মডিউলাৰ ছুইছ। মুকলি অনুষ্ঠানত পেনাশ্যনিক লাইভ চলিউশ্যনৰ পৰিচালন সঞ্চালক বিবেক শৰ্মাই কয়"-জ্যিভাৰ মুকলি আমাৰ বাবে গুৰুত্বপূৰ্ণ মাইলষ্টন।আমাৰ লক্ষ্য ৩,৪,৫ নং টায়াৰৰ বজাৰৰ বৰ্ধিত চাহিদা আহৰণ কৰা আৰু পৰৱৰ্তী সময়ত দেশৰ ক্ষুদ্ৰ অঞ্চল সমুহৰ আমাৰ উপস্থিতিৰ প্ৰতি দৃষ্টি নিবন্ধ কৰা। তদুপৰি আমি "প্ৰধানমন্ত্ৰী আৱাস যোজনা" পদক্ষেপক সহায় আগবঢ়োৱাৰ লগতে নিৰ্মাণ খণ্ডৰ বিকাশ সাধনৰ বাবে গ্ৰহণ কৰা আত্মনির্ভৰ ভাৰত অভিযানত সহায়ৰ হাত আগবঢ়াবলৈ  প্ৰয়াস কৰিছো"। আনহাতে, অনুষ্ঠানত পেনাশ্যনিক লাইফ চলিউশ্যনৰ যুটীয়া পৰিচালন সঞ্চালক কাৱাম 'টই কয়"-জ্যিভাৰ উন্নত প্ৰযুক্তি আৰু আকৰ্ষণীয় ডিজাইনৰ লগতে ব্যয়সাধ্য মূল্যই গ্ৰাহকৰ চাহিদা পূৰণ কৰিব আৰু উন্নত প্ৰযুক্তিৰ এই উদ্ভাৱনে আমাৰ ৱান -ষ্টপ- চ'প ব্ৰেণ্ড ফৰ অল' লক্ষ্য স্থিৰ কৰিছোঁ। উল্লেখযোগ্য যে, জ্যিভা মডিউলাৰ ছুইছৰ মূল্য ২৮ টকা নিৰ্ধাৰণ কৰা হৈছে। আজিৰ অনুষ্ঠানত পেনাশ্যনিক  লাইভ চলিউশ্যনৰ যুটীয়া পৰিচালন সঞ্চালক দীনেশ আগৰৱালা উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা