সৃজনাসমৰ নেতৃত্বত অসমে মুকলি কৰিলে প্ৰথমটো ছেৰো সমীক্ষা



ষ্টাফৰিপ'ৰ্টাৰ,২৪,আগষ্ট।। ন'ভেল ক'ৰণা ভাইৰাছৰ বিস্তৃতি আৰু প্ৰসাৰৰ বিষয়ে বুজা লোৱা আৰু সকলো লোকৰ বাবে ব্যয়সাধ্য চিকিৎসা ব্যৱস্থা উপলদ্ধ কৰোৱাৰ উদ্দেশ্যে বেচৰকাৰী সংস্থা সৃজনাসমে সোমবাৰৰ পৰা ৰাজ্যেত প্ৰথমবাৰৰ বাবে ছেৰোল'জিকাল সমীক্ষা আৰম্ভ কৰিছে। সৃজনাসমে গুৱাহাটীস্থিত মেডিচিটি গ্ৰুপ অৱ ক্লিনিক এণ্ড ডাইগ্ন'ষ্টিকৰ সহযোগত এই অভিযান মুকলি কৰিছে। A.A.S.H.A-Assessment of Anti  SARSCoV2 Seroprevalence in habitanse of Assam: A population based cross sectional study" শীৰ্ষক এই অভিযান মুকলি অনুষ্ঠানত ৰাজ্যৰ কনিষ্ঠ স্বাস্থ্য মন্ত্রী পীয়ুষ হাজৰিকাৰ উপৰিও কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পৰিচালনা সঞ্চালক আৰু সংশ্লিষ্ট সমীক্ষাৰ অন্যতম প্ৰধান ব্যক্তি তথা আইআৰএছ বিষয়া পদ্মপানী বৰা উপস্থিত থাকে। নিজৰ ভাষণ প্ৰসংগত  স্বাস্থ্য মন্ত্ৰী পিয়ুষ  হাজৰিকাই  আইআৰএছ আৰু সৃজনাসমক এনে পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আনহাতে অনুষ্ঠানত সৃজনাসমৰ পৰিচালন ন্যায়ৰক্ষী তথা মুখ্য কাৰ্যবাহী বিষয়া মৃদুস্মিতা দাসে কয়"-এই সমীক্ষাই ক'ৰণা ভাইৰাছৰ সংক্ৰমণৰ বিষয়ে সবিশেষ কথা আমাক জনাত সহায় কৰিব"। আজিৰ অনুষ্ঠানত উপস্থিত থাকি ডাঃ খলিল ছিদ্দিকিয়ে   সৃজনাসমৰ এনে পদক্ষেপৰ বাবে শলাগ লয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা