সফলতাৰে ছটা বছৰ অতিক্ৰম কৰিলে গুৱাহাটীৰ চাৰ্কিউট চিটিয়ে



ষ্টাফৰিপ'ৰ্টাৰ,১৮ আগষ্ট। গুৱাহাটীৰ এল জি ব্ৰেণ্ড ষ্টৰ চাৰ্কিউট চিটিয়ে সফলতাৰে ছটা বছৰ অতিক্ৰম কৰিলে। গ্ৰাহকৰ বিশেষ সহাঁৰিৰ প্ৰতি লক্ষ্য ৰাখি এই সফল যাত্ৰাৰ অংশীদাৰ হোৱা গ্ৰাহক সকলৰ বাবে এক বিশেষ অফাৰৰ ব্যৱস্থা কৰিছে। প্ৰতিগৰাকী গ্ৰাহকৰ বাবে বিশেষ অফাৰৰ ব্যৱস্থা কৰিছে। চাৰ্কিউট চিটিত সামগ্রী ক্ৰয় কৰা প্ৰতিগৰাকীয়ে লাভ কৰিব গিফট্ ভাউচাৰ। আনহাতে চানমাৰিত থকা চাৰ্কিউট চিটিত মঙলবাৰে এল জিৰ ৮৬ ইঞ্চিৰ টেলিভিছন মুকলি কৰা হয়। একেদৰে ডাবল স্ক্ৰিন  মোবাইল স্মার্ট ফনো মুকলি কৰা হয়। এই সন্দৰ্ভত নৰেন্দ্ৰ ছোনীয়ে কয়"-এল জি ব্ৰেণ্ড ষ্টোৰ চাৰ্কিউট চিটিয়ে গ্ৰাহকৰ পৰা বিশেষ সঁহাৰি লাভ কৰিছে। সেইবাবে গ্ৰাহকৰ বাবে বিশেষ ৰেহাই আৰু পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে,গুৱাহাটীত ইতিমধ্যে চাৰ্কিউট চিটিয়ে তিনিটাকৈ শ্ব'ৰূম স্থাপন কৰিবলৈ সক্ষম হৈছে। ইপিনে গ্ৰাহক সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চাৰ্কিউট চিটিত সকলো ধৰণৰ প্ৰক্ৰিয়া উপলব্ধ আছে। বিশেষকৈ শূণ্য সুদত ইএমআই পদ্ধতিত সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব গ্ৰাহকসকলে। ছবছৰীয়া সফলতাৰ এই দিনটোতে গ্ৰাহকে বৃহৎসংখ্যক সামগ্ৰীৰ বুকিং কৰে বুলিও  জানিব পৰা গৈছে।

Comments

Post a Comment

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা