নগাঁৱৰ ধিঙত শেৱালী কবি ৰত্নকান্ত বৰকাকতী স্মাৰক কৃতী শিক্ষাৰ্থী-গোলাপ চন্দ্ৰ কলিতা স্মাৰক কৃতী শিক্ষক বঁটা প্ৰদান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ আগষ্টঃ নগাঁও জিলাৰ ধিং শতদল শাখা সাহিত্য সভাই ২০২০ বৰ্ষৰ কৃতী শিক্ষাৰ্থী আৰু কৃতী শিক্ষক বঁটা আজি আনুষ্ঠানিকভাবে প্ৰদান কৰে ৷ বিগত ২০১৫ বৰ্ষৰ পৰাই উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ধিং, মৈৰাবাৰী, বেছামাৰী আৰু ডুমডুমীয়া বালিসত্ৰক সামৰি উক্ত পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি প্ৰথম স্থান অধিকাৰ কৰা শিক্ষাৰ্থী গৰাকীৰ লগতে অসমীয়া বিষয়ত কেন্দ্ৰৰ পৰা সৰ্ব্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীক শেৱালী কবি ৰত্নকান্ত বৰকাকতী স্মাৰক কৃতী শিক্ষাৰ্থী বঁটাৰ উপৰি অসমীয়া বিষয়ৰ শিক্ষক গৰাকীক তেখেতৰ কৃতিত্বৰ বাবে শিক্ষাবিদ গোলাপ চন্দ্ৰ কলিতা স্মাৰক কৃতী শিক্ষক বঁটা প্ৰদান কৰি আহিছে ধিং শতদল শাখা সাহিত্য সভাই। এইবেলি কৰ’না মহামাৰীৰ বাবে শাখা সভাই চৰকাৰী বিধি অনুসৰি কৃতীমান ছাত্ৰ-ছাত্ৰী আৰু কৃতী শিক্ষকসকলক তেওঁলোকৰ সংশ্লিষ্ট বিদ্যালয় আৰু একাংশক নিজ গৃহতে বঁটাসমূহ আনুষ্ঠানিকভাবে প্ৰদান কৰে ৷ ধিং শতদল শাখা সাহিত্য সভাৰ হৈ সভাপতি মৃগাংক বৰা, উপ সভাপতি শশধৰ দেৱনাথ, সম্পাদক হৰগোবিন্দ শইকীয়া আৰু কাৰ্যালয় সম্পাদক জিতু কুমাৰ শইকীয়াই বেছামাৰী কেন্দ্ৰৰ পৰা বেছামাৰী ডাঃ এ বি ছিদ্দিক জাতীয় বিদ্যালয়ৰ কৃতী ছাত্ৰ ছাহিন আলম আৰু কৃতী শিক্ষক লক্ষ্যধৰ তালুকদাৰ, ধিং কেন্দ্ৰৰ পৰা ধিং খ্ৰীষ্টজ্যোতি স্কুলৰ ছাত্ৰ বিনয় কুমাৰ চোপ্ৰা, ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী লচমী শইকীয়াক যথাক্ৰমে বিদ্যালয় আৰু নিজ বাসগৃহতে গামোচা, প্ৰশস্তি পত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ ইফালে, অহা ১৭ আগষ্টত মৈৰাবাৰী কেন্দ্ৰৰ পৰা এই সন্মান অৰ্জন কৰা মৈৰাবাৰী আজান-শংকৰ বিদ্যাপীঠৰ কৃতী ছাত্ৰী নাৰ্গিছ চুলতানা, কৃতী শিক্ষয়িত্ৰী দিপালী কলিতাৰ লগতে ডুমডুমীয়া বালিসত্ৰ কেন্দ্ৰৰ পৰা ৰামপুৰ ছলাপথাৰ আব্দুছ ছালাম জাতীয় বিদ্যালয়ৰ কৃতী ছাত্ৰদ্বয় ছাহিল হাছান আৰু হামিদ কাৰ্জনৰ লগতে শিক্ষক আশ্ৰাফুল ইছলামক এই বঁটা প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা