এয়াৰটেল প্ৰিপেইড গ্ৰাহকসকলৰ বাবে এয়াৰটেল থেংকচ এপ এতিয়াৰে পৰা অসমীয়াত উপলব্ধ।




ষ্টাফৰিপ'ৰ্টাৰ,,,২৭ আগষ্ট।।
ডিজিটেল উদ্ভাৱনৰ হস্তক্ষেপৰ জড়িয়তে গ্ৰাহকৰ যাত্ৰা সৰল কৰি তোলাৰ অংশস্বৰূপে ভাৰতী এয়াৰটেল (এয়াৰটেলে) বৃহস্পতিবাৰে প্ৰিপেইড গ্ৰাহক সকলৰ বাবে অসমীয়া ভাষাৰ সমৰ্থনযুক্ত এয়াৰটেল থেংকচ এপ মুকলিৰ কথা ঘোষণা কৰিছে। এই বৈশিষ্ট্যটো এণ্ডৰয়ড   ইতিমধ্যে  উপলব্ধ আৰু আই অ এছ ত অতি সোনকালেই উপলব্ধ হ'ব। এয়াৰটেল থেংকচ এপৰ এই নতুন বৈশিষ্ট্যই এয়াৰটেলৰ গ্ৰাহক সকলক অধিক গ্ৰহণযোগ্য হোৱাৰ লগতে ভাষাই সৃষ্টি কৰা বাধা আঁতৰ কৰি ব্যৱহাৰকাৰীক সৰল আৰু অধিক সক্ৰিয় অভিজ্ঞতা আগবঢ়াব। এই এপটোই এয়াৰটেল স্মাৰ্টফোন গ্ৰাহক সকলক ডিজিটেল চেল্ফ কেয়াৰ-ৰিচার্জ কৰিবলৈ, বিল পৰিশোধ কৰিবলৈ, প্ৰকৃত ডাটা ব্যৱহাৰৰ বিতং তথ্যৰ বাবে প্ৰবেশাধিকাৰ আগবঢ়াই। চিওও, ভাৰতী এয়াৰটেলৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চিঅঅ শোভান মূখাৰ্জীয়ে এই সন্দৰ্ভত বকয়"-যিহেতু ভৰত স্মাৰ্টফোনৰ দেশলৈ পৰিৱৰ্তিত হৈছে, বৰ্তমান ৩৫ শতাংশৰো ৰো ওচৰা -ওচৰি। এয়াৰটেল থেংকচ এপ ব্যৱহাৰকাৰীৰ ২/৩ চহৰ আৰু গাঁৱৰ বজাৰ সমূহৰ পৰা আহে। অসমীয়া ভাষাৰ সমৰ্থনযুক্ত এয়াৰটেল ঠেংকচ এপ আৰু অধিক প্ৰাসংগিক তথা স্থানীয় গ্ৰাহকসকলৰ বাবে প্ৰৱেশযোগ্য আৰু তেওঁলোকৰ এয়াৰটেল ডিজিটেল সেৱাসমূহৰ সম্পূৰ্ণ সম্ভাবননীয়তা খোলাৰ বাবে সক্ষম কৰি তোলে"।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা