চিৰাঙত জংঘলত পুতি থোৱা অৱস্থাত মাৰণাস্ত্ৰ উদ্ধাৰ

বঙাইগাঁওঃ ২৭ আগষ্টঃ চিৰাং জিলাৰ  বিজনী থানাৰ অন্তৰ্গত এক নম্বৰ উত্তৰপাৰা গাঁৱত আজি পুৱতি নিশা  চিৰাং আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত মাটিত পুতি থোৱা অৱস্থাত মাৰণাস্ত্ৰ উদ্ধাৰ কৰে ৷ এই সন্দৰ্ভত  চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত বিজনী মহকুমা আৰক্ষী বিষয়া আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ স'তে যৌথভাৱে পুৱতি নিশা চাৰিমান বজাত চলোৱা অভিযানত  লাডাংগুৰি আৰু সুবাইঝাৰ গড়কাপ্তানি পথৰ পৰা ৭০- ৮০ মিটাৰমান দূৰত জংগলত পলিথিনেৰে মেৰিয়াই পুতি থোৱা অৱস্থাত এই মাৰণাস্ত্ৰ উদ্ধাৰ কৰে৷ অভিযানকাৰী দলে চলোৱা অভিযানত দুটা একে চিৰিজৰ ৰাইফলসহ তিনিটা মেগজিন, ১৬৭ টা এ কে চিৰিজৰ সজীৱ গুলি আৰু ৭ টা ৫.৫৬ চিৰিজৰ মাৰণাস্ত্ৰৰ গুলি উদ্ধাৰ কৰে ৷ এই ঘটনা সন্দৰ্ভত অভিযানকাৰী দলে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও বিজনী থানাত পঞ্জীয়ন কৰা এক গোচৰৰ ভিত্তিত  তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে চিৰাং আৰক্ষীয়ে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে এই অস্ত্ৰখিনি পূৰ্বে জিলাখনত সক্ৰিয় হৈ থকা কোনোবা উগ্ৰপন্থী সংগঠনৰ হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে ৷ কাৰণ নতুন কোনো উগ্ৰপন্থী সংগঠনৰ জন্ম হোৱা দৃষ্টিগোচৰ হোৱা নাই বুলিও কয় ৷ ইয়াৰ পৰা এটা প্ৰশ্ন উদয় হৈছে যে বিটিএডিৰ এন ডি এফ বি আদি উগ্ৰপন্থী সংগঠনে চৰকাৰৰ ওচৰত অস্ত্ৰ সম্বৰন কৰি মূল সূঁতিলৈ ঘূৰি আহিল যদিও চৰকাৰৰ ওচৰত প্ৰকৃততে সকলো অস্ত্ৰ জমা দিছিল নে ? নে বুজন পৰিমাণৰ অস্ত্ৰ- শস্ত্ৰ জমা নিদি বিভিন্ন অঞ্চলত লুকুৱাই ৰাখিছে ৷ কাৰণ বিটিএডিৰ বিভিন্ন জিলাৰ পৰা এতিয়া সঘনাই উদ্ধাৰ হৈছে অত্যাধুনিক মাৰণাস্ত্ৰ ৷ এই উদ্ধাৰ হোৱা মাৰণাস্ত্ৰসমূহ কোনে লুকুৱাই থৈছিল সেই কথা পোহৰলৈ কিন্তু অহা নাই ৷ এইদৰে অস্ত্ৰ উদ্ধাৰৰ ঘটনাই বিটিএডি এলেকাত যে এতিয়াও অবৈধ মাৰণাস্ত্ৰ মজুত আছে সেই কথাটো পোহৰলৈ আনিছে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা