গোলাঘাট আৰক্ষীৰ সফলতা, ৭ টা ডকাইত গ্ৰেপ্তাৰ

গোলাঘাট : গোলাঘাটত ব্যৱসায়ীৰ পৰা ধন লুট। চিনেমাৰ শৈলীৰে ডকাইটি কৰিলে গোলাঘাটৰ ৮ জনীয়া এটা ডকাইতৰ দলে। সামগ্ৰী ক্ৰয় কৰিবলৈ অহা ব্যৱসায়ীক চালনাৰে লুট। চিনেমা শৈলীৰে ডিঙিত ৰছী লগাই আৰু দা দেখুৱাই ৮ জনীয়া ডকাইটৰ দলটোৱে লুট কৰিলে ৩ লাখ ৭৫ হাজাৰ টকা। যোৰহাটৰ ব্যৱসায়ী ইছা খানে গোলাঘাট লৈ সামগ্ৰী ক্ৰয় কৰিবলৈ আহোঁতে গোলাঘাট নগৰৰ ৰাজু আলি, শ্যামল চান্দো, বাবু আলি, ৰোস্তম হুছেইন, ৱাছিম আখতাৰ, ৰাজু শ্যাম আৰু জামিদুল হুছেইনে ব্যৱসায়ী ইছা খানক ষড়যন্ত্ৰ কৰি গোলাঘাটৰ বেঙেনাখোৱা লৈ যায়। বেঙেনাখোৱাতেই ইছা খানক ৮ জনীয়া ডকাইটৰ দলটোৱে মৰাণাস্ত্ৰ দেখুৱাই প্ৰাণৰ ভাবুকি প্ৰদানেৰে লুট কৰি নিয়ে টকাখিনি। ব্যৱসায়ী ইছা খানে ঘটনা সংক্ৰান্তত গোলাঘাট আৰক্ষীক অৱগত কৰাৰ পিছতেই আৰক্ষীয়ে তদন্ত কৰি ৭ জন ডকাইটক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান এজন পলাতক। পলাতক জনৰ নাম প্ৰকাশ কৰা নাই গোলাঘাট আৰক্ষীয়ে। এই নাটকীয় ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড আছিল জামিদুল হুছেইন। যোৱা ১৬ আগষ্টত সংঘটিত হৈছিল উক্ত ঘটনাটো।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা