বৰক’লাত দলঙৰ পৰা নদীত জাপ দি সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১ আগষ্টঃ  নগাঁও জিলাৰ বেবেজীয়াৰ কিছু নিলগৰ বৰক'লাৰ হাৰিয়া দলঙৰ পৰা নদীত জাপ দি সন্ধানহীন হৈ পৰা এজন যুৱকৰ মৃতদেহ অৱশেষত শুকুৰবাৰে পুৱাৰ ভাগত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ মতে, কামপুৰৰ মগৰিয়াআটি গাঁৱৰ ৰূপজ্যোতি বৰা ওৰফে মহন্ত(৩৬) নামৰ যুৱকজনে বুধবাৰে নিশা হাৰিয়া দলঙৰ পৰা নদীৰ পানীত জাপ দিছিল ৷ পিছত যুৱকজনৰ সন্ধানত স্থানীয় লোকৰ লগতে আৰক্ষী আৰু এছ ডি আৰ এফৰ দলে বৃহস্পতিবাৰে গোটেই দিনটো চলাথ কৰে যদিও কোনো শুংসূত্ৰ বাহিৰ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ পুনৰ শুকুৰবাৰে পুৱাৰে পৰা যুৱকজনৰ সন্ধানত এছ ডি আৰ এফ আৰু ডুবাৰুৰ দলে নদীৰ বুকুত অভিযান চলোৱাৰ বিপৰীতে জলদেৱতাক সন্তুষ্ট কৰিবলৈ স্থানীয় ৰাইজে নদীৰ পানীত গাখীৰ ঢালি আৰু চাকি-বন্তি জ্বলাই পূজা-অৰ্চনাও কৰে ৷ এনেদৰে চলোৱা প্ৰচেষ্টাৰ অন্তত যুৱকজনৰ মৃতদেহ দলংখনৰ কিছু নিলগৰ পৰা অভিযানকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পিছত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে, কি কাৰণত যুৱকজনে নদীত জাপ দিলে সেয়া অদ্যপি পোহৰলৈ অহা নাই যদিও পাৰিবাৰিক কন্দলৰ বাবেই  এই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষী আৰু স্থানীয় ৰাইজে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা