নগাঁৱত চোৰাং বালি ভৰ্তি ট্ৰাক জব্দ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৯ আগষ্টঃ নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে নগাঁও বন সংমণ্ডলৰ বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে নগাঁও চহৰৰ মৰিকলং চাৰিআলিত অতৰ্কিতে এক অভিযান চলাই কামপুৰৰ সমীপৰ পৰা চোৰাংকৈ সৰবৰাহ কৰা বালি ভৰ্তি তিনিখনকৈ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ আচলতে এ এছ-২১-৮১২৬ , এ এছ-০৯-এচি ৭৫৬৩ আৰু এ এছ-০৯-এচি ২৩৩৭ নম্বৰৰ ট্ৰাক কেইখনে বন বিভাগৰ কোনো বৈধ অনুজ্ঞাপত্ৰ অবিহনে অবৈধ ভাৱে দীৰ্ঘ দিন ধৰি বালি সৰবৰাহ কৰি থকাৰ কথা জানিব পাৰি নগাঁও বন সংমণ্ডলৰ বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়াৰ তৎপৰতাত আৰু বন সুৰক্ষা শাখাৰ কৰ্মচাৰী সকলৰ সহযোগত এই তিনিখনকৈ অবৈধভাবে বালি কঢ়িওৱা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা