১১ মহীয়া মৰমলগা শিশুৰ কোভিদত মৃত্যু, কিন্তু নাই চৰকাৰী ৰেকৰ্ডত
অসম ভিত্তিত অনুষ্ঠিত হোৱা সাজ-সজ্জা প্ৰতিযোগিতাত প্ৰথম হোৱা নলবাৰীৰ ১১ মহীয়া শিশুৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যমুখত পৰা সত্বেও নাই কোনো চৰকাৰী ৰেকৰ্ড*
*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৩ আগষ্ট*
যোৱা ৩ আগষ্ট তাৰিখে নলবাৰী জিলাৰ অন্তৰ্গত ক্ষুদ্ৰছেনীকুছি গাঁৱৰ হিতেশ দাস আৰু ৰুমী দাসৰ ১১ মহীয়া একমাত্ৰ পুত্ৰ সন্তান গুঞ্জন দাসক এস্কেল কেয়াৰ হস্পিতেলত ভৰ্তি কৰোৱা হয় । তাত মাক আৰু দেউতাকৰ ক'ভিড টেষ্টৰ ফলাফল নিগেটিভ অহাৰ বিপৰীতে লক্ষনীয়ভাৱে ১১ মহীয়া শিশুটোৰ ক'ভিড পজিটিভ ৰিজাল্ট ওলায় যাৰ ফলত সময়মতে চিকিৎসাৰ পৰা বঞ্চিত হ'ব লগা হয় শিশুটো । অৱশেষত ৫ আগষ্ট তাৰিখে পুৱা ৫ বজাত শিশুটি মৃত্যুমুখত পৰে । ৬ আগষ্টত শিশুটিৰ সৎকাৰৰ বাবে কামৰূপ জিলা উপায়ুক্তৰ এম্বুলেঞ্চৰ লগতে ৪ গৰাকী সহায়কাৰীয়ে শিশুটোৰ মৃতদেহ উজানবজাৰস্থিত ক'ভিড শ্মশানলৈ লৈ যোৱা হয় । সৎকাৰৰ সময়ত পৰিয়ালক ফোন কৰি মাতি নিছিল যদিও ক'ভিড প্ৰটোকলৰ বাবে মৃতদেহটো ঘৰলৈ লৈ অনা বা মৃতদেহটো পৰিয়ালক চুই চাবলৈ অনুমতি দিয়া হোৱা নাছিল । পৰিয়ালৰ লোকেও এইক্ষেত্ৰত চৰকাৰৰ কৰণীয়ত সহযোগিতা আগবঢ়াইছিল । কিন্তু দুখ আৰু পৰিতাপৰ কথা এয়ে যে মৃতকৰ নাম আজিলৈ চৰকাৰী হিচাপে ৰেকৰ্ড নোহোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপিত কৰিছে । যিটো সময়ত মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে প্ৰতিদিনে ক'ভিডত মৃত্যু হোৱা প্ৰতিগৰাকী ব্যাক্তিৰ নাম, ঠিকনা, বয়স ইত্যাদি ৰাজহুৱাকে ঘোষণা কৰি আহিছে সেইসময়ত ১১ মহীয়া মৃত গুঞ্জনৰ নামটো সন্নিবিষ্ট নোহোৱাক লৈ পৰিয়ালে দুখ প্ৰকাশ কৰি বিভাগীয় কতৃপক্ষক চৰকাৰীভাৱে নামটো প্ৰকাশ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছে ।
*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*
Comments
Post a Comment