অসম আন্দোলনৰ গুৰি ধৰোতা নলবাৰীৰ জেষ্ঠ অগপ নেতা অকন মল্ল বৰুৱাৰ দেহাৱসান

অসম আন্দোলনৰ গুৰি ধৰোতা নলবাৰীৰ জেষ্ঠ অগপ নেতা অকন মল্ল বৰুৱাৰ দেহাৱসান- শেষ শ্ৰদ্ধাঞ্জলি বহু দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষৰ*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ আগষ্ট*

মৃত্যু যদিও সহজ বৰ কঠিন বাস্তৱ ৷ জাতীয়তাবাদী শিবিৰৰ এগৰাকী আপোচবিহীন নেতাৰ মৃত্যুত আজি শোকৰ ছাঁ পৰিছে । নলবাৰী জিলাৰ বিশিষ্ট সমাজকৰ্মী তথা অসম আন্দোলনৰ গুৰি ধৰোতা সদৌ অসম ছাত্ৰ সন্থাৰ মাধ্যম আন্দোলনৰ নেতা, জাতীয়তাবাদী শিবিৰৰ অক্লান্ত যোদ্ধা, গণ সংগ্ৰাম পৰিষদৰ সুদক্ষ নেতা, অসম গণ পৰিষদৰ নলবাৰী জিলা সমিতিৰ বহু বছৰ ধৰি সভাপতিৰ আসন অলংকৃত কৰা সু-অভিনেতা, কৃতী খেলুৱৈ অকন মল্ল বৰুৱা আৰু নাই ৷ নলবাৰী জিলাৰ এক অতি গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি ৬১নং ধৰ্মপুৰ ৷ এই সমষ্টিৰে এইগৰাকী পুৰোধা ৰাজনীতিবিদ অগপ নেতা নলবাৰীৰ প্ৰাক্তন পৌৰপতি অকণমল্ল বৰুৱাক কুৰিৰো অধিক 
দল-সংগঠনে যোৱা ৮ জুলাইত নলবাৰীৰ নিজ পকোৱা গাঁৱৰ নিজা বাসগৃহত সম্বৰ্ধনা জনাইছিল ৷ 'অসম গণ পৰিষদ দলে আঞ্চলিকতাবাদক উদ্ধুদ্ধ কৰাৰ বাবে নতুন প্ৰজন্মক আগবঢ়াই নিয়ক, মই কোনোকালে ক্ষমতাৰ পিচত দৌৰা নাই, জীৱনৰ শেষ মূহূৰ্তলৈকে দলৰ প্ৰতি সেৱা আগবঢ়াই যাম'- এই মন্তব্য প্ৰকাশ কৰি সিদিনা সম্বৰ্ধনা গ্ৰহণ কৰিছিল অগপৰ নলবাৰী জিলা সমিতিৰ প্ৰাক্তন সভাপতি এইজনা অকণ মল্ল বৰুৱাই ৷ অগপৰ জেষ্ঠ নেতা, প্ৰাক্তন পৌৰপতি, বিশিষ্ট সমাজ সেৱক তথা প্ৰবীণ অভিনেতা এইজনা অকণ মল্ল বৰুৱাক অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা বিশেষভাবে সম্বৰ্ধনা জনোৱা হৈছিল ৷ নলবাৰীৰ ৬১নং ধৰ্মপুৰ বিধানসভা সমষ্টিৰ নিজ পকোৱা গাঁৱৰ নিজা বাসগৃহত আয়োজিত হৈছিল সম্বৰ্ধনা অনুষ্ঠানটি ৷ জেষ্ঠ অগপ নেতা বৰুৱাই আৰু কৈছিল যে আঞ্চলিকতাবাদক ভুল পথে নিলে নৱপ্ৰজন্মই কোনোদিনেই ক্ষমা নকৰিব ৷ সম্বৰ্ধনা সভাত দলৰ সাধাৰণ সম্পাদক ডা৹ কমলা কলিতাই  অকণ মল্ল বৰুৱাৰ সুদীৰ্ঘ ৰাজনৈতিক জীৱনৰ ওপৰত আলোকপাত কৰিছিল ৷ কমলপুৰ সমষ্টিৰ বিধায়ক তথা দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি সত্যব্ৰত কলিতাই অকণ মল্ল বৰুৱাক এগৰাকী স্পষ্টবাদী, নিৰ্ভীক ব্যক্তি বুলিও অভিহিত কৰিছিল ৷ আনহাতে অসম পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ তথা দলৰ নেতা মনোজ শইকীয়াই অকণ মল্ল বৰুৱা অগপ দলৰ এজন অন্যতম অভিভাৱক বুলিও নিজৰ বক্তব্যত দোহাৰিছিল ৷ সভাৰ মাজতে নলবাৰী জিলা অগপ দল তথা সমূহ ভাতৃ-ভগ্নী সংগঠনৰ হৈ জিলা সভাপতি আনন্দ ৰাজবংশীয়ে অকণ মল্ল বৰুৱাৰ এজন পুত্ৰক এটা চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় নেতৃত্বক আহ্বান জনাইছিল ৷ অগপৰ জেষ্ঠ নেতাজনক দলৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা উক্ত সম্বৰ্ধনা সভাত গামোচা, শৰাই, মানপত্ৰ আৰু এক লাখ টকাৰ চেক প্ৰদান কৰি সন্মান যাঁচিছিল ৷ সভাত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি, অগপৰ নলবাৰী জিলা সমিতি, নলবাৰী জিলা যুৱ পৰিষদ, নলবাৰী সমষ্টি সমিতি, জিলা মহিলা সমিতি, নলবাৰী জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ভাগ্যশ্ৰী মটৰ্ছ, নলবাৰী পৌৰসভা, অগপৰ বৰমা সমষ্টি, অগপ নগৰ সমিতি, অগপৰ বতাহগিলা আঞ্চলিক সমিতিকে আদি কৰি কুৰিৰো অধিক দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়েও গামোচা সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাইছিল ৷ উক্ত অনুষ্ঠানত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা নলবাৰী সমষ্টি সমিতিৰ মুখ্য উপদেষ্টা দিলীপ কুমাৰ দাস, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি সুনীল ডেকা, কাৰ্যকৰী সভাপতি ড৹ তপন দাস, সম্পাদক অৰ্ণৱ ভৰালী, অগপৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক কেশৱ ডেকা, জেষ্ঠ অগপ নেতা আক্ৰাম হুছেইন, মদন মালাকৰ, ড৹ ৰবীন দাস, নৃপাল বাৰ্মা, প্ৰাক্তন বিধায়ক তথা অগপ নেতা মদন কলিতা, অগপৰ যুৱ নেতা মনোজ কুমাৰ শৰ্মা, গকুল মহন্ত, দীপক ৰাজবংশী, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মন, ৰাজ্যিক কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সম্পাদক অক্ষয় ডেকা, ৰিয়াজুদ্দিন আহমেদ, সহঃ সম্পাদক ফনিধৰ বৰুৱা, উত্তৰ পকোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ধীৰাজ বৈশ্যকে ধৰি ভালেকেইগৰাকী নেতা-কৰ্মী উপস্থিত আছিল ৷ উল্লেখ্য যে সুদীৰ্ঘ ২৪ বছৰ কাল একেৰাহে নলবাৰী জিলা সমিতিৰ সভাপতিৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰা অকণ মল্ল বৰুৱা যকৃত ৰোগত আক্ৰান্ত হৈ ভালেদিন ধৰি শয্যাগত হৈ আছিল ৷ ২৪ বছৰীয়া কাৰ্যকালৰ সময়ছোৱাত দলটোৱে দুবাৰকৈ ৰাজ্যত শাসনো চলাইছিল ৷ বহু নেতা-কৰ্মীয়ে দলটো এৰি আঁতৰি যোৱাৰ পিচতো এইজনা নিষ্ঠাবান কৰ্মীয়ে আজিও দলটোৰ হৈয়ে নিষ্ঠাসহকাৰে সেৱা আগবঢ়াই গৈছিল ৷ ৭৫ বছৰ বয়সত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে এইজনা মহানুভৱে ৷ বহুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ নিজ বাসগৃহ শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত পত্নী সহিতে দুগৰাকী পুত্ৰ সন্তানৰ লগতে দুগৰাকী কন্যা ইহ সংসাৰত এৰি থৈ যায় ৷ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৮: ৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে অকন মল্ল বৰুৱাই ৷ এসময়ত অসম আন্দোলনৰ গুৰি ধৰা নেতাগৰাকীৰ মৃত্যুত সমগ্ৰ নলবাৰী জিলাৰ লগতে জাতীয়তাবাদী শিৱিৰত গভীৰ শোকৰ ছাঁ পৰিছে । অগপ দলকে আদি কৰি প্ৰায় সকলো দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিবিশেষে বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা