প্ৰাক্তন আছুনেতা প্ৰসেনজিৎ ঠাকুৰীয়াৰ অকাল মৃত্যুত শোকস্তব্ধ নলবাৰী

প্ৰাক্তন আছুনেতা প্ৰসেনজিৎ ঠাকুৰীয়াৰ অকাল মৃত্যুত শোকস্তব্ধ নলবাৰী*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৪ আগষ্ট*

নলবাৰী জিলা ছাত্ৰসন্থাৰ প্ৰাক্তন উপ-সভাপতি তথা পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰসন্থাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সমাজকৰ্মী প্ৰসেনজিৎ ঠাকুৰীয়া(৫৫)ৰ অকাল বিয়োগৰ খবৰে নলবাৰী জিলাত গভীৰ শোকৰ ছাঁ পেলাইছে ৷ নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ ককয়া গাঁও নিবাসী প্ৰাক্তন ছাত্ৰনেতা তথা বিশিষ্ট সমাজকৰ্মী প্ৰসেনজিৎ ঠাকুৰীয়াই কালি নিশা বৃক্কৰ ৰোগত গুৰুতৰভাৱে আক্ৰান্ত হৈ গুৱাহাটীৰ দিছপুৰ হাস্পতালত অকাল মৃত্যুক আঁকোৱালি লয় ৷ পৰিয়ালসূত্ৰে জানিব পৰা মতে যোৱা ২৯ জুলাইত প্ৰাক্তন ছাত্ৰনেতাগৰাকী বৃক্কৰোগত আক্ৰান্ত হৈ নলবাৰীৰ সাৰথি হাস্পতালত ভৰ্তি হয় ৷ কিন্তু তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ৩০ জুলাইত উত্তৰ গুৱাহাটীস্থিত জি.এন.আৰ.চি. হস্পিতাললৈ স্থানান্তৰিত কৰা হয় ৷ কিন্তু ক’ডিড টেষ্টৰ ফলাফল নোলোৱা বাবে চিকিৎসকে সেইদিনা কোনো ধৰণৰ চিকিৎসাই নকৰিলে ৷ ৩১ জুলাইৰ নিশা ৯ বজাত ক’ভিড টেষ্টৰ ফলাফল নিগেটিভ অহাৰ পিছতহে চিকিৎসকে চিকিৎসাৰ ব্যৱস্থা কৰে ৷ যোৱা এক আগষ্টত ঠাকুৰীয়াক জি.এন.আৰ.চি.ৰ পৰা দিছপুৰ হস্পিতাললৈ স্থানান্তৰিত কৰা হয় ৷ ইয়াত চিকিৎসা সেৱা লাভ কৰাৰ পিছত তেওঁ কিছু পৰিমাণে সুস্থ হৈ উঠাত চিকিৎসকে তেওঁক ঘৰলৈ আহিবলৈ অনুমতি দিয়ে ৷ কিন্তু কালি প্ৰাক্তন ছাত্ৰনেতাগৰাকী পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকসকলে পুনৰ তেওঁক দিছপুৰ হাস্পতালত ভৰ্তি কৰাই যদিও সন্ধিয়া তাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ নলবাৰী জিলা ছাত্ৰসন্থাৰ প্ৰাক্তন উপ-সভাপতি, পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰসন্থাৰ প্ৰাক্তন সভাপতি, নলবাৰী কমাৰ্চ কলেজৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী প্ৰসেনজিৎ ঠাকুৰীয়া মৃত্যুৰ সময়লৈকে ককয়া সুৰভি সংঘ, ককয়া দুৰ্গাপূজা পৰিচালনা সমিতি, ককয়া আঞ্চলিক বিজ্ঞান সমিতি আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাবে জড়িত হৈ আছিল ৷ প্ৰাক্তন ছাত্ৰনেতাগৰাকীৰ মৃত্যুত সদৌ অসম ছাত্ৰসন্থা, নলবাৰী জিলা ছাত্ৰসন্থা, পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰসন্থা, ককয়া সুৰভি সংঘ, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ আদিকে ধৰি স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷ মৃত্যুৰ সময়ত তেওঁ বৃদ্ধা মাতৃ, পত্নী, দুই কন্যা আৰু দুই ভাতৃসহ ভালেমান আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায় ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা