ৰঙিয়াত কোভিড সংক্ৰমণ প্ৰায় ৩২৫ গৰাকীলৈ বৃদ্ধি
প্ৰতিবেদক, ৰঙিয়া , ১২ আগষ্টঃ
ৰাজ্যজুৰি কোভিড -১৯ সংক্ৰমণে ভয়াৱহ ৰূপ অব্যাহত থকাৰ সময়তে পুনৰ আজি ৰঙিয়াত ৮ গৰাকী লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে ।জানিব পৰা মতে স্বাস্থ্য বিভাগৰ ৰেপিড এন্টিজেন টেস্টত ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ ১১ গৰাকীৰ পৰীক্ষাৰ অন্তত ১ গৰাকী, ৰঙিয়া ৰঙিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত ১৬ গৰাকীৰ পৰীক্ষাৰ পিছত ৪ গৰাকী আৰু চিডিপিও কাৰ্য্যালয়ৰ ৫০ গৰাকীৰ ৰেপিড এন্টিজেন টেস্ট কৰাৰ অন্তত ৩ গৰাকীৰ শৰীৰত কোভিড সংক্ৰমণ ধৰা পৰে।ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ পজিটিভ গৰাকী হল ৰঙিয়া টাউনৰ দিপক কুমাৰ নাথ আৰু ৰঙিয়া ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ ৪ গৰাকীৰ ভিতৰত ২ গৰাকী চাহ কেন্টিনৰ গৰাকী কবিতা দেৱনাথ আৰু কৰ্মচাৰী অনুকুল দেৱনাথ, আনহাতে চক্ৰ বিষয়া কাৰ্য্যালয়ৰ দুগৰাকী হল লাট মণ্ডল অপূৰ্ব্ব গোস্বামী আৰু কম্পিউটাৰৰ বৈদ্যুতিক বিভাগৰ বসন্ত কলিতা। সেই অনুসৰি ৰঙিয়াত বৰ্তমানলৈ প্ৰায় ৩২৫ গৰাকীৰ দেহত কোভিড পজিটিভ পোৱা গৈছে। ৰঙিয়া অঞ্চলত কোভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি তথা ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ নিৰ্দেশত আৰু ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনালী জৈনৰ তৎপৰতাত যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰখা বুলি জানিবলৈ দিছে কাৰ্য্যালয়ৰ কৰ্মকৰ্তা সকলে । লগতে ৰঙিয়া মহকুমাৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ চফিকুল হ'ক আৰু ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যই জনসাধাৰণক মাস্ক পৰিধান কৰা সামাজিক দূৰত্ব বজাই ৰখা আদিৰ উপৰি স্বাস্থ্য বিধি মানি চলিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে, আজি আবেলি মহকুমা প্ৰশাসনৰ তৰফৰপৰা ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ বাহিৰে ভিতৰে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে ছেনিটাইজ কৰে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।
Comments
Post a Comment