সংঘ পৰিয়ালৰ প্ৰচাৰক নৱকান্ত বৰুৱাৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল
জয়ন্ত মুদৈ, ১২ আগষ্টঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বুধবাৰে উপস্থিত হয় নগাঁও জিলাৰ কামপুৰত ৷ মুখ্যমন্ত্ৰী সোনোৱালে কামপুৰ নিবাসী সদ্য প্ৰয়াত বিশিষ্ট সমাজসেৱক তথা সংঘ পৰিয়ালৰ জ্যেষ্ঠ প্ৰচাৰক, আজীৱন সেৱক তথা কামপুৰ উন্নতি সাধিনী সভাৰ সভাপতি নৱকান্ত বৰুৱাৰ গৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালৰ লগত বহু সময় অতিবাহিত কৰে৷ তদুপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সংঘ পৰিয়ালৰ প্ৰচাৰক নৱকান্ত বৰুৱাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য, তেজপুৰত সংঘৰ কাৰ্যসূচীত উপস্থিত থকাৰ সময়তে ষ্ট্ৰোকত আক্ৰান্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত যোৱা ৬ আগষ্টত দেহাৱসান ঘটিছিল নৱকান্ত বৰুৱাৰ ৷ ইতিমধ্যে সংঘ পৰিয়ালৰ জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰাৰ মাজতে কামপুৰৰ জ্যেষ্ঠ নাগৰিকজনৰ গৃহত এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত হৈ পৰিয়ালবৰ্গৰ খবৰ লোৱাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।
Comments
Post a Comment