নলবাৰীৰ পূৱ-বনগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

*নলবাৰীৰ পূৱ-বনগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৩ আগষ্ট*

নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ চামতা ৰাজহ চক্ৰৰ অন্তৰ্গত পূৱ বনগাঁৱত আজি পুৱা বিদ্যুৎস্পৃষ্ট হৈ অভয় দত্ত নামৰ এজন লোকে কৰুণভাবে মৃত্যুক আকোৱালি লয় । ঘটনাৰ বিৱৰণীত প্ৰকাশ যে আজি পুৱাৰ  ভাগত স্থানীয় লোকে জলসিঞ্চন বিভাগৰ কৰ্মচাৰী অভয় দত্তৰ মৃতদেহটো পূৱ বনগাঁৱৰ ২৮৪/১নং প্ৰাথমিক বিদ্যালয়ৰ সমীপতে থকা চামতা বিদ্যুৎ সংমণ্ডলৰ  অধীনস্থ এটি ট্ৰেঞ্চফৰ্মাৰত লাগি ওলমি থকা প্ৰত্যক্ষ কৰে আৰু অঞ্চলটোত লগেলগে হুৱা দুৱা লাগে ৷ পিছত স্থানীয় বেলশৰ আৰক্ষী থানাৰ লোক আহি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নীসহ এগৰাকী কন্যা এৰি থৈ যায় । স্থানীয় ৰাইজে অভিযোগ কৰা মতে ইতিপূৰ্বেও বিদ্যুৎ বিভাগৰ গাফিলতি বাবে এই উন্মুক্ত ট্ৰেঞ্চফৰ্মাৰটোত কেইবাটাও গোধনৰ মৃত্যু হৈছিল ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা