গীত কামৰূপাৰ বিৰুদ্ধে এজাহাৰ দাখিলঃ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লগতে বিভিন্ন সংগঠনে

গীত কামৰূপাৰ বিৰুদ্ধে এজাহাৰ দাখিলঃ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লগতে বিভিন্ন সংগঠনে

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৭ আগষ্ট : ঐতিহাসিক গৰিমামণ্ডিত শিৱসাগৰ জিলাখন ঐক্য সম্প্ৰিতীৰ এক উজ্জল নিদৰ্শন। শিৱসাগৰ বাসী ৰাইজে কেতিয়াও অন্যায় অবিচাৰক পশ্চয় দিয়া নাই আৰু কাহানিও নিদিয়ে।  শিৱসাগৰ বাসী ৰাইজৰ এই ঐতিহ্যপূৰ্ণ আদৰ্শগত ধ্যান ধাৰণাক যেন কুঠাৰাঘাট কৰিছে গীত কামৰূপা ওৰফে জ্যোতিকা ভদ্ৰাজ নামৰ এগৰাকী মহিলাই । নিজকে মহিলা শক্তি সংবৰ্ধন ক্ষেত্ৰ অসমৰ অধ্যক্ষা বুলি চিনাকি দিয়া মহালিগৰাকীয়ে শিৱসাগৰৰ নাৰী সমাজ, শিৱসাগৰৰ সমূহ দল সংগঠন দেহ ব্যবসায়ত জড়িত আছে বুলি গুৰুত্ব অপৰাধজনিত মন্তব্য কৰি সমগ্ৰ শিৱসাগৰবাসী ৰাইজক সামাজিক ভাবে আত্মসন্মান হানী কৰি চুড়ান্ত অপমানিত কৰিছে । দল সংগঠন সমুহে ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰি সমগ্ৰ ঘটনাটিক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে  |  শিৱসাগৰ সদৰ থানাত গীত কামৰূপাৰ বিৰুদ্ধে  এজাহাৰ দাখিল কৰিছে  সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰই | সংগঠনটোৰ সাধাৰণ সম্পাদকে উল্লেখ কৰে যে কিছু দিনৰ আগত সত্যৰঞ্জন বড়া নামৰ এগৰাকী নিকৃষ্ট মানসিকতাপূৰ্ণ ব্যক্তিয়ে শিৱসাগৰ জিলাখনত সাম্প্ৰদায়ীক বিষবাস্প বিয়পোৱাৰ উদ্দেশ্যে আহিছিল যদিও শিৱসাগৰবাসী সচেতন ৰাইজ আৰু শিৱসাগৰৰ দল সংগঠনসমূহে তেওঁৰ উদ্দেশ্য সফল হবলৈ নিদিলে । যাৰ ফলশ্ৰুতিত পৰিস্থিতি বিষম হোৱা যেন দেখি সত্যৰঞ্জন বৰাই শিৱসাগৰ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছিল । তাতেই ক্ষোভিত হৈ বৰাৰ সংগিৰূপে পৰিচিত  উল্লিখিত মহিলাগৰাকীয়ে শিৱসাগৰ বাসী ৰাইজৰ বিৰুদ্ধে সন্মান হানী কাৰক কিছুমান মিছা অভিযোগেৰে তথা গুৰুত্ব অপৰাধজনিত বিৰূপ  মন্তব্য কৰি শিৱসাগৰবাসীক সমগ্ৰ পৃথীৱিৰ আগত লজ্জানত কৰিব খোজা কাৰ্য্যক একে মূখে নিন্দা কৰাৰ লগতে তেওঁ ওপৰত বিহিত ব্যৱস্থা গ্ৰহন কৰিবলে দাবী জনাই |  অন্যথাই পাছৰ পিৰিস্থিতি অতী বিশৃংখল হব বুলি ঐক্য সেন অসম , অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ , আছু , উজনি অসক মুছলিম ক'ল্যান পৰিষদ আদি বিভিন্ন সংগঠনে সকীয়া দিছে | অনুসুচিত জাতি ছাত্র সন্থাৰ সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে কয় যে, সত্যৰঞ্জন বৰাৰ ছত্ৰ ছায়াত থাকি গীত কামৰূপাই এয়া কোনো সৰু অপৰাধ কৰা নাই । তেওঁ মন্তব্যৰ জৰিয়তে এক গুৰুত্বৰ অপৰাধ কৰিছে । এখন সন্মানীয় তথা ঐতিসাহিক জিলাখনৰ ৰাইজক অপমানিত কৰিছে , মানসিক ভাবে নিৰ্যাতন কৰি সন্মান হানী কৰিছে ,  জিলাখনত এক অশান্তিময় পৰিস্থিতি সূচনা কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে । সেয়েহে সংগঠনটোৰ এজাহাৰৰ ওপৰত প্ৰশাসনে গুৰুত্ব প্ৰদান কৰি কেনে বিহিত ব্যবস্থা গ্ৰহণ কৰে ইও লক্ষ্যনীয় হৈ পৰিব । আনহাতে সংগঠনটোৱে দিয়া এজাহাৰত গুৰুত্ব প্ৰদান নকৰিলে অনাগত দিনত সন্থাই আন্দোলনৰ দৰে কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি স্পষ্ট কৰিছে । গীত কামৰূপা আৰু সত্যৰঞ্জন বৰা ৰ দৰে অশুভ শক্তিক সন্থাই কেতিয়াও প্ৰশ্যয় নিদিয়ে আৰু তেওঁলোকৰ সমাজবিৰোধী কাৰ্য্যক সন্থাই উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি স্পষ্ট কৰি দিয়ে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে প্ৰেছ বৃবিতিত |

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা