নগাঁৱত পাঁচদিনে সন্ধান নাই আঠ বছৰীয়া শিশুৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ আগষ্টঃ নগাঁও জিলাৰ কঠীয়াতলীৰ সমীপৰ ৰাঙলু আৰক্ষী পহৰা চকীৰ এলেকাধীন জুমৰমুৰৰ উৰিয়াগ্ৰান্ট টুবুকী গাঁও নিবাসী হাৰুন ইছলাম নামৰ লোকজনৰ আঠ বছৰীয়া পুত্ৰ আৰিফুল ইছলাম বিগত পাঁচদিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, যোৱা ২০ আগষ্টৰ সন্ধিয়াৰে পৰা শিশুটি নিজ গৃহৰ পৰাই আশ্চৰ্যজনকভাবে অন্তৰ্ধান হয় ৷ এনেদৰে হঠাতে শিশুটি নিখোজ হৈ পৰাত ঘৰত হুৱাদুৱা লাগে আৰু পৰিয়ালৰ লোকে ওচৰ-চুৰীয়াৰ সমনীয়া আৰু আত্মীয়-স্বজনৰ ঘৰৰ লগতে সম্ভাব্য সকলো ঠাইতে বিচাৰ-খুচাৰ কৰিও কোনো শুংসূত্ৰ নোপোৱাত চৰম দুঃশ্চিন্তাত পৰি শিশুটিৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গই ইতিমধ্যে ৰাঙলু আৰক্ষী পহৰা চকীত নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে ৷ কিন্তু আৰক্ষীয়েও পাঁচদিন উকলি যোৱাৰ পিছতো শিশুটিৰ কোনো সম্ভেদ বাহিৰ কৰিবলৈ সক্ষম নোহোৱাত দুৰ্ভগীয়া পৰিয়ালটো এতিয়া মানসিকভাবে ভাগি পৰিছে ৷ সেয়ে কোনো সদাশয় লোকে শিশুটিৰ যদি কোনো সম্ভেদ পায় তেন্তে ওচৰৰ আৰক্ষী থানা নাইবা ৯১০১৯-৮৮৯৭৪ নম্বৰত যোগাযোগ কৰিবলৈ শিশুটিৰ পৰিয়ালৰ লোকে অনুৰুধ জনাইছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা