বৰপেটাত উপায়ুক্তৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ গ্ৰাম্য যোজনাৰ ২৭ ট্ৰেক্টৰ বিতৰণ :

বৰপেটা, ২৭ আগষ্ট: মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত আজি বৰপেটা জিলাত ২৭ খন ট্ৰেক্টৰ কৃষি আত্মসহায়ক গোটৰ মাজত বিতৰণ কৰা হয়। জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই  বৰপেটা জিলা কৃষি বিষয়াৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এটি চমু অনুষ্ঠানত এই ট্ৰেক্টৰ কেইখন আনুষ্ঠানিকভাৱে বিতৰণ কৰে। তেওঁ হিতাধিকাৰী গোট সমূহক শুভেচ্ছা জনাই এই অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত কৃষি উৎপাদন দুগুণলৈ বৃদ্ধি কৰাৰ প্ৰচেষ্টাত ব্ৰতী হবলৈ আহ্বান জনায়। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বৰ্তাই ৰাখি সীমিত পৰিসৰত অনুষ্ঠিত এই অনুষ্ঠানত জিলা কৃষি বিভাগৰ জেষ্ঠ বিষয়া আৰু বিভিন্ন কৃষি আত্মসহায়ক গোটসমূহৰ সভাপতি-সম্পাদক সকলো উপস্থিত থাকে। আজি বিতৰণ কৰা ট্ৰেক্টৰ সমূহৰ ভিতৰত ১৭ খন এছকোৰ্ট প্ৰতিষ্ঠানৰ আৰু ১০ খন এম এণ্ড এম স্বৰাজ প্ৰতিষ্ঠানৰ বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা