আদালতৰ কাম- কাজ স্বাভাৱিক কৰাৰ দাবীত বঙাইগাঁৱত উকীল সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ স্মাৰক পত্ৰ প্ৰেৰণ 


বঙাইগাঁওঃ ১৩ আগষ্টঃ উত্তৰ পূৰ্বাঞ্চল বাৰ কাউন্সিল তথা সদৌ অসম উকীল সন্থাৰ আহ্বানত কোভিড- ১৯ ৰ পৰিপ্ৰেক্ষিতত সাৱধানতা অৱলম্বনৰ নামত ৰাজ্যখনৰ আদালতসমূহৰ নিয়মীয়া কাম-কাজ বন্ধ কৰি দিয়াৰ প্ৰতিবাদত তথা দুৰ্যোগ ব্যৱস্থাপনা আইন আৰু চৰকাৰী অধিসূচনাসমূহ বৰ্তাই ৰাখি অনতিপলমে আদালতসমূহৰ স্বাভাৱিক কাম- কাজ মুকলি কৰাৰ দাবীত আজি ( বৃহস্পতিবাৰে) বঙাইগাঁও উকীল সন্থাৰ অধিবক্তাসকলে বঙাইগাঁও ন্যায়িক আদালতৰ সন্মুখত এঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ আৰম্ভনীতে জিলা উকীল সন্থাৰ সভাপতি হৰেশ্বৰ দাসে বক্তব্য ৰাখি সাম্প্ৰতিকসময়ত অধিবক্তাসকলে ভুগি থকা শোচনীয় আৰ্থিক পৰিস্থিতিৰ বিষয়ে বহলাই ব্যাখ্যা কৰে ৷ তেওঁ কয় যে কৰ'না ভাইৰাছৰ সংক্ৰমণজনিত পৰিস্থিতিতো যিসময়ত কাৰ্যপালিকাৰ অন্তৰ্গত সকলো অনুষ্ঠান- প্ৰতিষ্ঠান খোলা ৰাখিব পাৰিছে আৰু বেংক,বীমা কোম্পানীসমূহ,বজাৰকে আদি কৰি সকলো প্ৰতিষ্ঠানে ৰাইজৰ কাম- কাজ চলাই লৈ যাব পাৰিছে , তেনেক্ষেত্ৰত আদালতসমূহৰ স্বাভাৱিক কাম- কাজ বন্ধ ৰখাৰ উদ্দেশ্যই হ'ল ন্যায় বিচাৰি অহা নাগৰিকক বঞ্চিত কৰি ৰখাৰ এক ষড়যন্ত্ৰহে মাথো ৷ এনে ব্যৱস্থা অধিক দিন চলি থাকিব দিলে সাধাৰণ মানুহৰ ন্যায় পালিকাৰ প্ৰতি আস্থা নাইকিয়া হ'ব বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত জ্যেষ্ঠ অধিবক্তা ধীৰেন নাথ,জয়শ্ৰী বৰুৱা ,ধ্ৰুৱজ্যোতি মুখাৰ্জী আৰু সমাজ সেৱক প্ৰভাত বৈষ্ণৱেও বক্তব্য ৰাখে ৷ উল্লেখ্য যে প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সভাপতি আৰু সম্পাদক স্বাক্ষৰিত এখন স্মাৰকপত্ৰ জিলা সত্ৰ ন্যায়াধীশৰ জৰিয়তে মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা