নলবাৰী জাতীয় বিদ্যালয়ত গছপুলি ৰোপন, ভিডিঅ' মুকলিৰে ৭৪ সংখ্যক স্বাধীনতা দিৱস পালন*

নলবাৰী জাতীয় বিদ্যালয়ত গছপুলি ৰোপন, ভিডিঅ' মুকলিৰে ৭৪ সংখ্যক স্বাধীনতা দিৱস পালন*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৫ আগষ্ট*

সাম্প্ৰতিক পৰিস্থিতিত নিয়ম ৰক্ষা কৰি ছাত্ৰ-ছাত্ৰী অৱিহনে হয়তো এয়াই বিদ্যালয়সমূহত প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱস পালন কৰা হৈছে  ৷ নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ ফুলগুৰিস্থিত নলবাৰী জাতীয় বিদ্যালয়তো ৭৪ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় ৷ এই দিৱসৰ শুভাৰম্ভ কৰা এটি গছপুলি ৰোপনেৰে ৷ গছপুলিটো ৰোপন কৰি নিজ পকোৱাৰ তাঁতিপাৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰসন্ন বৈশ্যই বক্তব্যত এজোপা গছ দশপুত্ৰৰ সমান বুলি উল্লেখ কৰে ৷ তাৰ ঠিক পিচতেই ঠিক আঠ বজাৰ লগে লগেই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ ৰেক্টৰ ভৃগুপতি বৰ্মনে ৷ উত্তোলক বৰ্মনে বিদ্যালয়খনৰ উজ্বল ভৱিষ্যতৰ কামনাৰে সাম্প্ৰতিক পৰিস্থিতিতো বিদ্যালয়সমূহ বন্ধ থকা সত্বেও যে এই বিদ্যালয়ৰ শিক্ষকসকলে বিভিন্ন মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠদান আগবঢ়াই আছে তাৰ শলাগ লয় আৰু লগতে কয় যে ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি আমি সমূহে সন্মান জনোৱাতো কৰ্তব্য আৰু দায়িত্ব ৷ তাৰ পিচতেই ৰাষ্ট্ৰীয় পতাকাখনৰ তলতেই বিদ্যালয়খনৰ দুই শিক্ষয়িত্ৰী তৰিস্মা শৰ্মা আৰু মেঘালী হালৈয়ে দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰাৰ লগতে শিক্ষয়িত্ৰী কৰৱী বৰ্মনে এটি দেশপ্ৰেমমূলক কবিতা পাঠ কৰে আৰু শিক্ষয়িত্ৰী আশাশ্ৰী তালুকদাৰে দিৱসৰ তাৎপৰ্যৰ ওপৰত চমুকৈ বক্তব্য প্ৰদান কৰে ৷ ৭৪ সংখ্যক স্বাধীনতা দিৱস পালনৰ লগত সঙ্গতি ৰাখি এক ভিডিঅ' মুকলি কৰাৰো আয়োজন কৰা হৈছিল যাৰবাবে ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলক নিজ নিজ ঘৰৰ পৰাই গীত, কবিতা, নৃত্য আদিৰ ভিডিঅ' কৰি প্ৰেৰণ কৰিবলৈও আগতীয়াকৈ জনোৱা হৈছিল ৷ উক্ত বিদ্যালয়ৰে শিক্ষক ৰূপক বৈশ্য আৰু ধীৰাজ তালুকদাৰৰ সম্পাদনাত এই ভিডিঅ' আজি বিয়লিৰ ভাগত মুকলি কৰি দিয়া হ'ব ৷ তাৰোপৰি তিনিটা শাখাত বিভক্ত কৰি উক্ত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল ৷ এই প্ৰতিযোগিতাৰ ফলাফলসমূহ ৰাষ্ট্ৰীয় পতাকাখনৰ তলতেই বিদ্যালয়খনৰ অধ্যক্ষ দিবাকৰ ডেকাই ঘোষণা কৰে ৷ ক-শাখাৰ প্ৰথম মৌচম বৰ্মন, দ্বিতীয় ভাস্বতী কাশ্যপ, তৃতীয় হিমাংশু ভৰদ্বাজ, খ-শাখাৰ প্ৰথম ৰিম্পী বৰ্মন, দ্বিতীয় কৃষ্ণ বৰ্মন, তৃতীয় বৃষ্টি বৈশ্য আৰু গ-শাখাৰ প্ৰথম আফ্ৰিন চুলতানা, দ্বিতীয় আস্থা বৰ্মন, তৃতীয় ফাৰহান আবিদ ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা