নগাঁৱত বিদ্যুৎ খণ্ডক ব্যক্তিগত কৰণ কৰাৰ বিৰুদ্ধে যৌথ প্ৰতিবাদ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ অক্টোবৰঃ ক'ৰডিনেচন কমিটি অব্ এমপ্ল'ইজ ইঞ্জিনিয়াছৰ দ্বাৰা বিদ্যুৎ খণ্ডক ব্যক্তিগত কৰণৰ বিৰোধিতা কৰাকে ধৰি কেইবাটাও দাবীত বুধবাৰে ৰাজ্যজুৰি আহ্বান জনোৱা প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশ হিচাপে নগাঁও বৈদ্যুতিক চক্ৰৰ কাৰ্যালয়ৰ সন্মুখটো এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নগাঁৱৰ কাৰ্য্যসূচীৰ মুখ্য আহ্বায়ক প্ৰবোধ চন্দ্ৰ নাথে প্ৰতিবাদত অংশগ্ৰহণ কৰি কয়- "বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ দেশ তথা ৰাজ্যৰ সমগ্ৰ জনসাধাৰণক এক অনিশ্চয়তাৰ ভৱিষ্যতৰ ফালে থেলি দিছে। নগাঁও কাগজ কলকে ধৰি ইটোৰ পিছত সিটো লাভজনক উদ্যোগক ব্যক্তিগত খণ্ডত গতাই দিয়াৰ কাৰ্য্যক তীব্ৰভাষাত গৰিহণা দিছো। কাৰ্য্যসূচীত উপস্থিত থাকি চিটুৰ অন্যতম কৰ্মকৰ্তা মধু মণ্ডলে ৰাজ্যৰ এনে পৰিস্থিতিত ছাত্ৰ যুৱক, শ্ৰমিক, কৃষক আদি সকলোকে ঐক্যৱদ্ধ হোৱাৰ আহ্বান জনায় । চি পি আই এম এল দলৰ নেতা তথা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ সম্পাদক অৰূপ কুমাৰ মহন্তই কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি "বিজেপি দলে দেশ তথা ৰাজ্যৰ জনসাধাৰণক ধৰ্ম তথা জাতিৰ নামত ভাগ ভাগ কৰিছে বুলি উল্লেখ কৰি কয় যে--আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইখনৰ পিছত সিখন নগদ ধনৰ আঁচনি ঘোষণা কৰিছে, নিযুক্তিৰ নামত কেলেংকাৰী চৰম সীমা অতিক্ৰম কৰিছে আৰু আনহাতে দেশৰ লাভজনক উদ্যোগখণ্ড, মাতৃ উদ্যোগ, বিদ্যু খণ্ডক ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নেতা গৰাকীয়ে এনে জনবিৰোধী নীতিৰ বিৰোধে ঐক্যৱদ্ধ সংগ্ৰামৰ পোষকতা কৰে। কাৰ্য্যসূচীত শতাধিক শ্ৰমিক আৰু কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰি চৰকাৰৰ জনবিৰোধী নীতিৰ শ্ল'গান দি কাৰ্য্যলয়ৰ চৌহদ উত্তাল কৰি তোলে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা