*চি আৰ ইউ ৰ ধৰ্ণা কাৰ্য্যসূচী আৰু স্মাৰক পত্ৰ প্ৰদান*





ষ্টাফৰিপোৰ্টাৰ, ১৫ অক্টোবৰ : কৰ'না ভাইৰাছৰ সংক্ৰমণে যোৱা মাৰ্চ মাহৰ পৰাই দেশৰ জনসাধাৰণ বিশেষকৈ শ্ৰমিকৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। মেডিকেল ৰিপ্ৰেজেনটেটিভচ সকলেও কঠিন সময় অতিবাহিত কৰিব লগা হৈছে। লকডাউনৰ সময়চোৱাত মেডিকেল ৰিপ্ৰেজেনটেটিভচৰ ওপৰত কোম্পানী সমূহে বিভিন্ন ধৰণে হাৰাশাস্তি কৰা আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত এয়া বৃদ্ধি পায়।  দুৰ্যোগ ব্যৱস্থাপনা আইনৰ দোহাই দি বিভিন্ন চিকিৎসালয়ত মেডিকেল ৰিপ্ৰেজেনটেটিভচ সকলৰ কাম বন্ধ কৰা হয়। চিকিৎসালয়ত চিকিৎসকক সাক্ষাৎ কৰিব নোৱাৰাৰ বাবে বহু মেডিকেল ৰিপ্ৰেজেনটেটিভচে চাকৰিৰ নিৰাপত্তা হেৰুৱাইছে।
বৰ্তমান পৰিস্থিতিত মেডিকেল ৰিপ্ৰেজেনটেটিভচ সকলে তীব্ৰ হেঁচাৰ মাজত কাম কৰিব লগা হৈছে। চিকিৎসকক সাক্ষাৎ কৰাত বাধা, বেতন কৰ্তন, ভাট্টা কৰ্তন, চাকৰিৰ নিৰাপত্তাহীনতা আদিৰ লগতে মেডিকেল ৰিপ্ৰেজেনটেটিভচৰ চাকৰিৰ মৰ্যাদাৰ ওপৰতো কুঠাৰঘাত হৈছে। 
এই ঘটনা প্ৰবাহৰ বাবে গুৱাহাটীৰ সকলো মেডিকেল ৰিপ্ৰেজেনটেটিভচে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় কৰ্তৃপক্ষক কামৰ অধিকাৰ প্ৰদানৰ অনুৰোধ জনাই এখন পত্ৰ প্ৰদান কৰিছে। লগতে আজি গুৱাহাটীত এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰাৰ লগতে সহকাৰী শ্ৰম আয়ুক্ত ৰ হাতত এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰে। আজিৰ ধৰ্ণা কাৰ্য্যসূচীত অসম ফাৰ্মাচিউটিকেলচ এচ'চিয়েছন আৰু চিআইটিইউ ৰ নেতৃত্বও উপস্থিত থাকি সহমৰ্মিতা প্ৰকাশ কৰে। চি আৰ ইউ (উত্তৰ পূৰ্বাঞ্চল) এ আয়োজন কৰা আজিৰ কাৰ্য্যসূচীত শতাধিক মেডিকেল ৰিপ্ৰেজেনটেটিভচে অংশ গ্ৰহণ কৰে। 



Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা