টৌভঙাত দহ লাখ টকাৰ ব্যয় সাপেক্ষে আটকধুনিয়া সামুহিক ভৱনৰ আধাৰশিলা স্থাপন
শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰি অন্তৰ্গত টৌভঙা অঞ্চলত যোৱা বৃহস্পতিবাৰে ৭৫ নং জীয়াভৰলী মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ সদস্য ৰাজু চিন্তেই দহ লাখ টকাৰ ব্যয় সাপেক্ষে এটা আটকধুনিয়া সামুহিক ভৱনৰ আধাৰশিলা স্থাপন কৰে । আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে টৌভঙা অঞ্চলৰ জেষ্ঠ সমাজকৰ্মী চিবেন মিলি, অৱসৰ প্ৰাপ্ত শিক্ষক গোপাল দাস, অনিবৰ চিন্তে, বোধেশ্বৰ ঙাটে, দ্বিপেন মিলিৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে ।
জামুগুৰিহাটৰ পৰা জোন বৰা। জামুগুৰিহাট।
Comments
Post a Comment