উত্তৰ গুৱাহাটীৰ ৰাইজৰ বাবে সুখবৰ, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ বিক্ৰী কেন্দ্ৰ মুকলি

পঙ্কজ নাথ, চাংসাৰি, ২১ অক্টোবৰ:


উত্তৰ গুৱাহাটী, আমিনগাঁৱ অঞ্চলৰ বাসিন্দাসকলৰ বাবে সুখবৰ।কামৰূপ জিলা অন্তৰ্গত উত্তৰ গুৱাহাটী মাজগাঁৱত অৱস্হিত পশু চিকিৎসা কেন্দ্ৰত, অসম চৰকাৰৰ অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত এটি 'ভোগজৰা' নামৰে বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়। আজি ২১ অক্টোবৰ তাৰিখে অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই ৰাইজৰ সুবিধাৰ্থে এই কেন্দ্ৰটো মুকলি কৰে । 'ভোগজৰা' নামৰ বিক্ৰী কেন্দ্ৰৰ স্হাপনে উত্তৰ গুৱাহাটী ৰাইজৰ বহুদিনীয়া এটি অভাৱ দূৰ কৰিব। কিয়নো এই বিক্ৰী কেন্দ্ৰত  স্বাস্থ্য সন্মত আৰু সতেজ ছাগলী মাংস হাঁহ, কুকুৰা মাংসৰ লগতে পনিৰকে ধৰি সকলো দুগ্ধজাত উচ্চ মানদণ্ডৰ সামগ্ৰী সুলভ মূল্যত ক্ৰেতা ৰাইজে লাভ কৰিব। আজি উদ্ধোধনী অনুষ্ঠান ভাষণ প্ৰদান কৰি হাঁহ-কুকুৰা পশুধন বিভাগ অধ্যক্ষ মনোজ শইকীয়াই এনে বিপনীৰ জৰিয়তে অসমৰ পথাৰত উৎপাদিত থলুৱা সামগ্ৰীৰে বজাৰ দখল কৰাৰ লগতে যুৱক যুৱতীসকলক কৰ্মসংস্থান ব্যৱস্থা কৰা। নিগমৰ মূল্য লক্ষ্য "পথাৰো আমাৰ বজাৰো আমাৰ"। এই মহান উদ্দেশ্য আগত ৰাখি যো যোৱা কিছুদিন গুৱাহাটী এনে ৪২ খন বিপনীৰ জৰিয়তে ক্ৰেতাৰ লগতে বিক্ৰেতা স্বাৱলম্বী কৰাৰ বাবে লোৱা পদক্ষেপত যঠেষ্ট সফল হৈছে। পৰবৰ্তী সময়ত উজনিৰ যোৰহাটৰ পৰা আৰম্ভ কৰি আন আন নগৰ চহৰত এনে বিক্ৰী কেন্দ্ৰ মুকলি কৰা হব বুলি জানিবলৈ দিছে ।

উত্তৰ গুৱাহাটীৰ প্ৰথম কেন্দ্ৰটোৰ সঞ্চালক গনেশ দাসে জানিবলৈ দিয়ামতে উপভোক্তাসকলে আৰ্থিক সকাহ পাব ছাগলী মাংসৰ নিৰিখ ৬৫০ টকা নিৰ্ধাৰণ কৰা হৈছে। লগতে বাকী দ্ৰব্যবোৰ ক্ষেত্ৰতো বজাৰ দৰতকৈ যঠেষ্ট কম দামত সতেজ সামগ্ৰী উপলব্ধ হব বুলি জনাইছে।  কেন্দ্ৰটোৰ স্হাপনে  অঞ্চলবাসী ৰাইজৰ মাজত আশাৰ সঞ্চাৰ কৰিছে।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা