ৰঙিয়াত দুৰ্গা পূজাত উদযাপন সন্দৰ্ভত মহকুমা প্ৰশাসনৰ বৈঠকঃ কোভিডৰ নীতি নিয়মৰ মাজেৰে দুৰ্গা পূজাৰ অনুমতি

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদঃ , ৮ অক্টোবৰঃ আৰু মাত্ৰ কেইটামান দিন পিছতেই সমগ্ৰ বিশ্বই পালন কৰিব শাৰদীয় দুৰ্গোৎসৱ। কিন্তু এইবেলি কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে দুৰ্গাপূজাক কেন্দ্ৰ কৰি ৰঙিয়া মহকুমাত  কোনো উৎসাহ পৰিলক্ষিত হোৱা নাই। তৎস্বত্তেও  সম্পূর্ণ নীতি নিয়মৰ মাজেৰে  পৰম্পৰাগত ভাবে ৰঙিয়াৰ বিভিন্ন পূজা সমিতি সমূহে  অনুষ্টুপীয়া কৈ হলেও দুৰ্গাপূজা উদযাপন কৰাৰ প্ৰস্তুতি গ্ৰহণ কৰিছে। সমগ্ৰ  ৰঙিয়া মহকুমাত  যাতে  শান্তি পূৰ্ণ ভাৱে শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰিব পৰা যায় তাৰ বাবে আজি ৰঙিয়া মহকুমা প্ৰশাসনে মহকুমাটোৰ সকলো পূজা সমিতিৰ উপস্থিতিত এক সভা অনুষ্ঠিত কৰে। ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালৰ সভাপতিত্বত অনুষ্ঠিত  সভাত দুৰ্গাপূজা উদযাপন সমিতিসমূহে দুৰ্গোৎসৱ উদযাপনৰ ক্ষেত্ৰত মানি চলিব লগীয়া নীতি নিয়ম সমূহৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰে । সভাত মহকুমাধিপতি পালে ৰঙিয়া মহকুমাত যাতে সম্পূৰ্ণ শাান্তিপূৰ্ণ আৰু  অনুকুল পৰিৱেশত পূজা অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে পূজা কমিটীসমূহৰ সহযোগিতা কামনা কৰে।  প্ৰদূষণৰ বাবে ক্ষতিকাৰক  যিকোনো সামগ্ৰী বৰ্জন কৰাৰ উপৰিও পৰিস্কাৰ পৰিচ্ছনতাৰ ক্ষেেত্ৰত সকলো পূজা কমিটীক  দৃষ্টি ৰাখিবলৈ মহকুমাধিপতি পালে আহ্বান জনায়।তেওঁ  আৰক্ষী বিভাগৰ নীতি নিয়ম সমূহ কঠোৰ ভাৱে পালন কৰিবলৈও সকলোকে অনুৰোধ জনায়। আনহাতে সকলো পূূজা সমিতিক  অহা ১৪ অক্টোবৰৰ ভিতৰত সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু ভাৰপ্ৰাপ্ত আৰক্ষী  বিষয়াসকলৰ জৰিয়তে মহকুমাধিপতি কাৰ্য্যালয়ৰ পৰা অনুমতি পত্ৰ গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে।  মহকুমাধিপতি পালে দুৰ্গাপূজা সন্দৰ্ভত জাাৰি কৰা  নীতি  নিয়ম অনুসৰি  কেভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তথা স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্গাপূজা মণ্ডপসমূহত  প্ৰতিজন ব্যক্তিয়ে বাধ্যতামূলক ভাৱে মাস্ক বা মূখাবৰণ পৰিধান আৰু সামাজিক দূৰত্ব বজাই ৰখাাটো নিশ্চিত কৰিব লাগিব । একে সময়তে পূজা মণ্ডপত সৰ্বাধিক  ২০ গৰাকী ভক্ত আৰু দহ গৰাকী কৰ্মকৰ্তা সহ মুঠ ৩০ গৰাকী ব্যক্তিয়ে উপস্থিত থাকিব পাৰিব। উদ্যোক্তা সকলে দৰ্শনাৰ্থীৰ বাবে পৰ্যাপ্ত পৰিমাণে হেণ্ড ছেনিটাইজাৰ  যোগান ধৰাটো নিশ্চিত কৰিব লাগিব। পূজা সমিতি সমূহে মণ্ডপত হাতে হাতে মাহ-প্ৰসাদ বিতৰণ কৰিব নোৱাৰিব, অৱশ্যে পেকেটত মাহ প্ৰসাদ বিতৰণ কৰিব পাৰিব।কোনো ধৰণৰ প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, আমোদ প্ৰমোদৰ ব্যৱস্থা কৰিব নোৱাৰিব। লগতে কোনো ধৰণৰ মেলা নাইবা পূজাৰ বিশেষ দোকান  খুলিব নোৱাৰিব, মাথোঁ ধৰ্মীয় বান্ধনৰ মাাজৰে  পূজা অৰ্চনা কৰিব পাৰিব। পূজা মণ্ডপত সোমোৱা আৰু ওলোৱা পথ পৃথক হব লাগিব। পূজা সমিতি সমূহে মণ্ডপ সমূহত যথেষ্ট সেচ্ছাসেৱক নিয়োগ কৰিব লাগিব। শাৰীৰিক ভাাৱে অসুস্থ লোকক মণ্ডপত সোমাৱাৰ ক্ষেত্ৰত নিষেেধাজ্ঞা  আৰোপ কৰা হৈছে । দুৰ্গাপূজাৰ মণ্ডপ সমূহৰ চাৰিওফালে মুকলি কৰিব নোৱাৰিলেও দুইফালে মুকলি কৰি ৰাখিব লাগিব। পূজাস্থলী সমূহত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিব লাগিব।  মাদক দ্ৰব্য ব্যৱহাৰ কৰি যাতে কোনেও পূজা স্থলীৰ আধ্যাত্মিক পৰিবেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ পূজা কমিটীক আহ্বান জনোৱা হয় ৷এইবেলি কোভিড প্ৰট'কলৰ নিয়ম মতে যাতে কোনো ধৰণৰ শব্দ প্ৰদূষণৰ সৃষ্টি নহয় তাৰ বাবে নিৰ্দেশনা দিয়ে মহকুমাধিপতি পালে । আনহাতে দেৱীৰ প্ৰতিমা বিসৰ্জনৰ সময়ত যাতে প্ৰশাসনে বান্ধি দিয়া নীতি নিয়মসমূহ মানি চলে তাৰ প্ৰতি পূজা কমিটীসমূহক লক্ষ্য ৰাখিবলৈ আহ্বান জনায়। সভাত ৰঙিয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন দাসে শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে দুৰ্গা পূজা উৎযাপন কৰিবলৈ আহ্বান জনায়  ।তেওঁ  প্ৰত্যেকটো অঞ্চলৰ দুৰ্গা পূজা কমিটীক স্থানীয় আৰক্ষী থানাৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈও নিৰ্দেশ প্ৰদান কৰি আৰক্ষী বিষয়া  দাসে পূজাৰ বতৰত মটৰ চাইকেল চোৰ আৰু ইৰানী গ্ৰুপৰ দুস্কৃতিকাৰী সকলৰ পৰা সাৱধানে থাকিবলৈ সকলোকে আহ্বান জনায়। তেওঁ পূজা মণ্ডপ সমূহত সন্দেহ জনক কাৰোবাক দেখিলে লগে লগে ৰঙিয়া আৰক্ষীক খবৰ দিবলৈ অনুৰোধ জনায়। সভাত পূজা কমিটি সমূহৰ প্ৰতিনিধি সকলে মহকুমাধিপতিৰ লগত পূজা পালন সম্পৰ্কে মত বিনিময় কৰে ৷দুৰ্গাপূজাৰ সময়ত দুচকীয়া বাহনত দুজন উঠা নিষিদ্ধ কৰা হয় যদিও  শিশু আৰু মহিলাৰ ক্ষেত্ৰত শিথিল কৰা হয়। সভাত মহকুমাটোৰ বিভিন্ন পূজা মণ্ডপৰ বিষয়ববীয়াৰ উপৰি মহকুমাৰ সহকাৰী আয়ুক্ত চম্পক ডেকা, মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকা, মহকুমা চিকিৎসা বিষয়া ডাঃ চফিকুল হ'ক, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা, ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দন বৰগোহাঁই, কঞাঁ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনিকংকণা ভট্টাচাৰ্য্য, কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডঃ অংকিতা শৰ্মা, মহকুমাটোৰ কমলপুৰ, ৰঙিয়া, বাইহাটা চাৰিআলি, আৰু কঞাঁ থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ উপৰিও ৰঙিয়াৰ টাউন দাৰোগা হেমন্ত হালৈ উপস্থিত থাকে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা