জাজৰিত আৰক্ষীৰ গুলীচালনা ঘটনাৰ তদন্ত আৰু সত্যৰঞ্জন বৰাৰ গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১ অক্টোবৰঃ নগাঁও জিলাৰ জাজৰিত যোৱা ১৮ অক্টোবৰত সংঘটিত হোৱা আৰক্ষীৰ গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত বুধবাৰে জাজৰি বাছ আস্থানত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু চি পি আই(এম এল)দলৰ কৰ্মী আৰু সমর্থকসকলে পুৱা ১১ বজাৰ পৰা এঘন্টাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীসকলে "সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰা সত্যৰঞ্জনক গ্ৰেপ্তাৰ কৰা", "সত্যৰঞ্জনক গ্ৰেপ্তাৰ কৰা হোৱা নাই কিয় সর্বা-হিমন্তই তাৰ জবাব দিয়ক", "সাম্প্ৰদায়িক বিভাজন নহয়, আমাক ঐক্য লাগে", "গুলী চালনা ঘটনাৰ ন্যায়িক তদন্ত কৰক", "দোষী পুলিচ বিষয়াক বৰ্খাস্ত কৰক", "গুলীচালনাৰে নহয় সত্যৰঞ্জনক গ্ৰেপ্তাৰ কৰি সমস্যাৰ সমাধান কৰক" আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তায়ল কৰি তোলে ৷ তদুপৰি প্ৰতিবাদকাৰীসকলে গুলীবিদ্ধ লোক সকলৰ উন্নত চিকিৎসা আৰু ক্ষতিপূৰণৰো দাবী জনাই । ইফালে, প্ৰতিবাদস্থলীতে অনুস্থিত হোৱা সভাত অংশ গ্ৰহন কৰি চি পি আই(এম এল)দলৰ ৰাজ্যিক কৰ্ণধাৰ সমিতিৰ সদস্য তথা গ্ৰামীণ শ্ৰমিক সন্থাৰ নেতা অৰূপ কুমাৰ মহন্তই মূখ্যমন্ত্ৰী সৰ্বানন্দ আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰচায়াতে সত্যৰঞ্জনৰ দৰে লোকৰ জন্ম হৈছে আৰু তেওঁলোকৰ কোলাত বহিয়েই এতিয়া ৰাইজৰ মাজত সাম্প্ৰদায়িক বিভাজনৰে নিৰ্বাচনি অংক চলাই গৈছে বুলি মন্তব্য কৰি  শান্ত আৰু সুস্থ পৰিবেশ ঘুৰাই আনিবৰ বাবে ৰাইজক ঐক্য-সম্প্ৰীতি অটুট ৰাখি বিজেপিক পৰাস্ত কৰিবলৈ আহ্বান জনায়। এই বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে ক্ৰমে আয়েফা বেগম, স্বপন হাজৰীকা জোস্না বেগম আৰু মেহেৰুন নেছাই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা