ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ কৰ্মচাৰী সব্যা কলিতাক বিদায় সম্বৰ্ধনা

প্ৰতিবেদক, ৰঙিয়া, ১৭ অক্টোবৰঃ ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আৰু কৰ্মচাৰী সকলৰ উদ্যোগত  আজি এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ।মহকুমা অসামৰিক চিকিৎসালয়খনৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সব্যা কলিতাক অসামৰিক চিকিৎসালয়ৰ তৰফৰ পৰা বিদায় সম্ভাষন জনায়। এই সভাত অংশগ্ৰহণ কৰি সতীৰ্থ কৰ্মচাৰী ৰাচিদা বেগম, গৌতম কলিতা, অমূল্য বৈশ্য, মামনি শইকীয়াই অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সব্যা কলিতাৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে। লগতে ডাঃ লিপিকা বৰা আৰু বিভূতি বশিষ্টই গীত পৰিবেশন কৰি বিদায়ী সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আটায়েৰে মন আপ্লুত কৰে। অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সব্যা কলিতাক শৰাই, মেখলা চাদৰ, ফুলাম গামোচা, পচমী আৰু গছৰ পুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। এই মহান অনুষ্ঠানটোত চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যৰ উপৰি জ্যেষ্ঠ চিকিৎসক ডাঃ মুকুল ভট্টাচাৰ্য, ডাঃ পাপৰি দাস, ডাঃ লিপিকা বৰা, ডাঃ অশোক কলিতা, ডাঃ তিলক কুমাৰ প্ৰমূখ্যে চিকিৎসালয় খনৰ কৰ্মচাৰীবৃন্দই উপস্থিত থাকে ।বিদায়ী সভাৰ শেষত উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যই বিদায়ী কৰ্মচাৰী সব্যা কলিতাৰ চাকৰি জীৱনৰ কৰ্মৰাজিৰ লগতে চিকিৎসালয়ৰ কৰ্মী হিচাপে কাম কাজত পোৱা সহায় সহযোগিতাৰ বাবে শলাগ লৈ ভৱিষ্যত জীৱনৰ উত্তৰোত্তৰ কামনা কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা