নগাঁৱত ৰাষ্ট্ৰীয় হতাশা নিবাৰণ দিৱস উদযাপন
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ অক্টোৱৰঃ ৰাষ্ট্ৰীয় হতাশা নিবাৰণ দিৱসৰ লগত সংগতি ৰাখি জিলা স্বাস্থ্য সমিতি, নগাঁৱৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী অনুষ্ঠান “চাইন”ৰ সৌজন্যত বৃহস্পতিবাৰে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত মানসিক ভাৱে অসুস্থ ৰোগী সকলৰ ওপৰত এখনি পৰীক্ষামূলক শিৱিৰ অনুষ্ঠিত কৰা হয় ৷ জিলা মানসিক স্বাস্থ্য আচঁনি, নগাঁৱৰ বিশেষ তৎপৰতা অনুষ্ঠিত এই পৰীক্ষা মূলক শিৱিৰটোত সৰ্ব্বমুঠ ৫৬ জন লোকক পৰীক্ষা মূলক ভাৱে এই মানসিক ৰোগৰ ওপৰত পৰীক্ষা কৰা হয় ৷ অনুষ্ঠানত মানসিক ৰোগ বিভাগৰ চিকিৎসক ক্ৰমে-ডাঃ জিয়াউদ্দিন আহমেদ, ডাঃ সত্য কুমাৰ দত্তৰ লগতে গীতামনি বৰুৱা(CP), মনিমালা বৰা(PSW), অবনিতা শইকীয়া (Record keeper) আদি উপস্থিত থাকি এই শিৱিৰ টি সাফল্য মণ্ডিত কৰি তোলে ৷
Comments
Post a Comment