বেবেজীয়াত একশৰণ ভাগৱতী সমাজৰ আচাৰ্য ইলাৰাম দাসৰ মৃত্যু তিথি উদযাপন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ অক্টোবৰঃ একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য  ইলাৰাম দাস বাপৰ ১৭ সংখ্যক মৃত্যু তিথিভাগ দেওঁবাৰে নগাওঁ জিলাৰ বেবেজীয়াত থকা সমাজৰ কেন্দ্ৰীয় কাৰ্য্যালয় পালনাম থানত দিনযোৰা কাৰ্যক্ৰমনিকাৰে পালন কৰা হয় । কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত প্রাতঃ প্ৰসংগ পৰিচালনা কৰে থানেশ্বৰ আতা আৰু টংকেশ্বৰ আতাই ।ইয়াৰ পিছতে ধৰ্মধ্বজা উত্তোলন কৰে একশৰণ ভাগৱতী সমাজৰ জিলা সভাপতি ভুৱনেশ্বৰ দাসে ৷ এই অনুষ্ঠানটিৰ আঁত ধৰে একশৰণ ভাগৱতী সমাজৰ উপাচাৰ্য অনুৰাম আতাই ৷ দুপৰীয়া খোল প্ৰসংগ প্ৰদৰ্শন কৰে পূব শালমাৰা গায়ন বায়নৰ ভকত সকলে। ইয়াৰ পিছতেই মহাপালনামৰ আৰম্ভ কৰা হয়। মহা পালনাম পৰিচালনা কৰে একশৰণ ভাগৱতী সমাজৰ প্ৰাদেশিক পাল নামাচাৰ্য বালিৰাম আতাই আৰু পাঠ পৰিচালনা কৰে জিলা পালনামচাৰ্য মুহিধৰ আতাই । বিয়লি ধৰ্মধ্বজ্জা অবতৰণৰ দ্বাৰা দিনযোৰা কাৰ্যসূচীৰ অন্ত পেলোৱা হয় বুলি একশৰণ ভাগৱতী সমাজৰ প্ৰচাৰ সচিব ডেভিদ দাসে জানিবলৈ দিছে । এই অনুষ্ঠানতে ২০২১ বৰ্ষৰ পৰা ভকতৰ সংখ্যা অধিক হোৱা আঞ্চলিকলৈ ১০ হাজাৰ টকা দিয়াৰ কথা প্ৰচাৰ সচিব ডেভিদ দাসে ঘোষণা কৰে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা